তিনি তালাক বিৰোধী বিধেয়কক সমৰ্থন জনোৱা মুছলমান মহিলাক তালাক দিলে স্বামীয়ে!

তিনি তালাক বিৰোধী বিধেয়কক সমৰ্থন জনোৱাৰ বাবেই সংসাৰ ভাগিল উত্তৰপ্ৰদেশৰ মুছলমান মহিলাৰ

News18-Assam
Updated:August 4, 2019, 6:10 PM IST
তিনি তালাক বিৰোধী বিধেয়কক সমৰ্থন জনোৱা মুছলমান মহিলাক তালাক দিলে স্বামীয়ে!
Source- Google
News18-Assam
Updated: August 4, 2019, 6:10 PM IST
লোকসভা আৰু ৰাজ্যসৱাত তিনি তালাক বিৰোধী বিধেয়ক গৃহীত হোৱাৰ পিছত সমগ্ৰ দেশৰে মুছলমান মহিলা সকল এতিয়া অত্যন্ত সুখী। বহু মুছলমান মহিলাই এতিয়া বিধেয়কখন গৃহীত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক মুকলিকৈ সমৰ্থন জনাইছে। কিন্তু চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তক মুকলিলৈ সমৰ্থন জনোৱাৰ বাবে এগৰাকী মুছলমান মহিলাক  স্বামীয়ে বিবাহ বিচ্ছেদ কৰাৰ ঘটনাই এতিয়া দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে। ঘটনাটো উত্তৰ প্ৰদেশৰ ফাতেহপুৰৰ।অঞ্চলটোৰ জিগনী গাঁৱৰ মুফীদা খাতুন নামৰ এগৰাকী মহিলাই ২ আগষ্টৰ দিনা ৰাজ্যসভাত তিনি তালাক বিৰোধী বিধেয়ক গৃহীত হোৱাক লৈ ৰাজহুৱাকৈ আনন্দ প্ৰকাশ কৰিছিল, তাকে সহ্য কৰিব নোৱাৰি মহিলাগৰাকীক সৈতে এতিয়া বিবাহ বিচ্ছেদ কৰিছে স্বামী ছামচুদ্দিনে।

আনকি ছামচুদ্দিনে পত্নীৰ মাতৃগৃহলৈ গৈ পিতৃ-মাতৃৰ সন্মুখত বিধেয়ক সমৰ্থন কৰাৰ বাবে মহিলাগৰাকীৰ সৈতে বিবাহ বিচ্ছেদ হোৱা বুলি কৈ নিজৰ পত্নীক ঘৰ এৰিবলৈও বাধ্য কৰায়। ঘটনাৰ পিছত এতিয়া মহিলাগৰাকীয়ে স্বামীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে স্বামী ছামচুদ্দিনক আটক কৰি তদন্ত আৰম্ভ কৰিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি