‘মন্দিৰ ভাঙি, নিৰ্মাণ কৰিম মছজিদ’- অযোধ্যাৰ ভূমি পূজনৰ পিছতে মুছলমান নেতাৰ আপত্তিজনক মন্তব্য

News18 Assam | News18-Assam
Updated:August 6, 2020, 4:08 PM IST
‘মন্দিৰ ভাঙি, নিৰ্মাণ কৰিম মছজিদ’- অযোধ্যাৰ ভূমি পূজনৰ পিছতে মুছলমান নেতাৰ আপত্তিজনক মন্তব্য
Ayodhya Ram Mandir Bhumi Pujan: মহম্মদ ছাজিদ ৰাছিদীয়ে কয় যে,‘ ইছলামৰ মতে, এটা মছজিদ থকা ঠাইত সদায় মছজিদেই থাকিব।’

Ayodhya Ram Mandir Bhumi Pujan: মহম্মদ ছাজিদ ৰাছিদীয়ে কয় যে,‘ ইছলামৰ মতে, এটা মছজিদ থকা ঠাইত সদায় মছজিদেই থাকিব।’

  • Share this:
ৰাম মন্দিৰৰ ভূমি পূজনৰ পিছতে ইটোৰ পিছত আপত্তিজনক মন্তব্য কৰিছে একাংশই। এইবাৰ অল ইণ্ডিয়া ইমাম এছ’চিয়েশ্যনৰ অধ্যক্ষই কৰে এক বিস্ফোৰক মন্তব্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা ভূমি পূজন আৰু শিলান্যাসৰ পিছত সংস্থাৰ অধ্যক্ষ মহম্মদ ছাজিদ ৰাছিদীয়ে মন্দিৰ ভাঙি পেলোৱাৰ ধমক দিয়ে। ৰাছিদীয়ে কয় যে, ৰাম মন্দিৰ ধ্বংস কৰি মছজিদ নিৰ্মাণ কৰা হ’ব। তেওঁ কয় যে, বিবাদিত ভূমিত মন্দিৰ নাছিলেই। তাত বাবৰি মছজিদ আছিল আৰু সেই ঠাইতে থাকিব।’



এই এন আইক নেতাজনে কয় যে, ‘ইছলামে কয় যে, এটা মছজিদ থকা ঠাইত সদায় মছজিদেই থাকিব। তাৰ ঠাইত অন্য কিবা নিৰ্মাণ কৰিলে ভাঙি পেলোৱা হ’ব পাৰে। আমাৰ কথা হ’ল, য’ত মছজিদ আছিল, সেই ঠাইত মছজিদেই থাকিব।’

ইফালে ভূমি পূজনৰ দিনাই আছাদুদ্দিন অৱেছীয়ে টুইটাৰত লিখিছিল যে, ‘বাবৰি বছজিদ আছিল, আছে আৰু থাকিব ইন্শাঅল্লাহ।’ ‘হেচটেগ বাবৰি মছজিদ জিন্দ্যা হ্যে’লিখি শ্বেয়াৰ কৰে এই বিশেষ পষ্ট।
Published by: Himangshu Bhuyan
First published: August 6, 2020, 4:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি