ধৰ্মীয় সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন! বিহাৰৰ এটা মুছলমান পৰিয়ালে ৰাজ্যখনৰ পূব চম্পাৰণ জিলাৰ কৈথৱালিয়া অঞ্চলত বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ- বিৰাট ৰামায়ণ মন্দিৰ নিৰ্মাণৰ বাবে ২.৫ কোটি টকা মূল্যৰ ভূমি দান কৰিছে। সোমবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি প্ৰকল্পটো হাতত লোৱা পাটনাস্থিত মহাবীৰ মন্দিৰ ন্যাসৰ মুৰব্বী আচাৰ্য কিশোৰ কুনালে কয় যে, ভূমি দান কৰা ইস্তিয়াক আহমেদৰ ঘৰ পূৱ চম্পাৰণত। তেওঁ এগৰাকী গুৱাহাটী বেচড ব্যৱসায়ী।
আনকি লোকজনে ইতিমধ্যে কেচৰিয়া উপ-বিভাগৰ পঞ্জীয়ক কাৰ্যালয়ত মন্দিৰ নিৰ্মাণৰ বাবে ভূমি দান সম্পৰ্কীয় সকলোধৰণৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে বুলি জানিবলৈ দিছে কুনাল নামৰ ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী বিষয়াই।
বিষয়টো সংবাদ মাধ্যমৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইস্তিয়াক আহমেদ খানে। খানে কয় যে, দান কৰা ভূমি তেওঁৰ পৰিয়ালৰ মালিকানাধীন। লগতে তেওঁ বিশ্বাস কৰে যে, মন্দিৰ নিৰ্মাণৰ বাবে কিবা কৰাটো তেওঁৰ দায়িত্ব। এয়া তেওঁলোকৰ পৰিয়ালৰ পৰম্পৰা বুলিও উল্লেখ কৰে ইস্তিয়াক আহমেদ খানে।
আনহাতে মন্দিৰৰ আচাৰ্যই এই সন্দৰ্ভত কয় যে, খান আৰু তেওঁৰ পৰিয়ালৰ এই দান দুয়োটা সম্প্ৰদায়ৰ মাজত সামাজিক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক উৎকৃষ্ট উদাহৰণ। মুছলমানসকলৰ সহায় অবিহনে এই সপোনৰ প্ৰকল্পটো উপলব্ধি কৰাটো কঠিন হ'লহেঁতেন বুলিও লগতে কয় আচাৰ্যগৰাকীয়ে।
উল্লেখ্য যে, মহাবীৰ মন্দিৰ ন্যাসে এতিয়ালৈকে এই মন্দিৰ নিৰ্মাণৰ বাবে ১২৫ একৰ ভূমি লাভ কৰিছে। ট্ৰাষ্টে সোনকালেই অঞ্চলটোত আৰু ২৫ একৰ ভূমি লাভ কৰিব। বিৰাট ৰামায়ণ মন্দিৰটো কম্বোডিয়াৰ দ্বাদশ শতিকাৰ বিশ্ব বিখ্যাত আংকোৰ ৱাট কমপ্লেক্সতকৈ ওখ হ'ব বুলি ধাৰণা কৰা হৈছে। পূব চম্পাৰণৰ কমপ্লেক্সটোত ১৮টা মন্দিৰ থাকিব য'ত পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ থাকিব।
মন্দিৰৰ মুঠ নিৰ্মাণ ব্যয় প্ৰায় ৫০০ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ট্ৰাষ্টে শীঘ্ৰেই নতুন দিল্লীত নতুন সংসদ ভৱন নিৰ্মাণত নিয়োজিত বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ ল'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|