মহম্মদ জহুৰ খয়ামৰ দেহাৱসান

News18-Assam
Updated:August 20, 2019, 7:26 AM IST
মহম্মদ জহুৰ খয়ামৰ দেহাৱসান
মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকা মহম্মদ জহুৰ খয়ামৰ

মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকা মহম্মদ জহুৰ খয়ামৰ

  • Share this:
ভাৰতীয় সংগীত জগতৰ বিশিষ্ট সংগীতকাৰ মহম্মদ জহুৰ খয়ামৰ দেহাৱসান। নিশা প্ৰায় ৯.৩০ বজাত মুম্বাইৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দীৰ্ঘদিন ধৰি শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ থকা মহম্মদ জহুৰ খয়ামে। মৃত্যুৰ সময়ত সংগীতকাৰগৰাকীৰ বয়স আছিল ৯২ বছৰ। মহম্মদ জহুৰ খয়ামৰ মৃত্যুত এতিয়া বলীউডত শোকৰ ছাঁ।

কভি কভি মেৰে দিল মে খায়াল আতা হ্যে, মে পল দো পল কা শ্বায়াৰ হু আদিৰ দৰে গীত সৃষ্টি কৰিছিল খয়ামে। কভি কভি, উমৰাওজান, বাজাৰ, নুৰী, ফুটপাথ, গুল বাহাৰ, ত্ৰিশূল, ফিৰ সুবহ হগী, শ্বোলা অ’ৰ ছৱনম, ছগুন, আখিৰী খত, খানদান, থড়ী ছী বেৱাফাই, চম্বল কী কচম, ৰজিয়া ছুলতানৰ দৰে ছবিৰ বাবে গীত নিৰ্মাণ কৰিছিল বিশিষ্ট সংগীতকাৰগৰাকীয়ে।

চিপাহী হিচাপেও সেৱা আগবঢ়াইছিল খয়ামে

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সেনাৰ চিপাহী হিচাপেও সেৱা আগবঢ়াইছিল খয়ামে। ‘শ্বোলা অ’ৰ ছবনম’ ছবিখনৰ জৰিয়তে সংগীতকাৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিছিল তেওঁ। ১৯৪৭ চনত ছবি জগতত প্ৰথম খোজ পেলায় পঞ্জাৱৰ নৱাচহৰত জন্মলাভ কৰা সংগীতকাৰগৰাকীয়ে। তেওঁৰ আৰম্ভণিৰ ছবিৰ আকেলে মে ৱহ ঘবৰাতে তো হোংগে গীতটোৱে যথেষ্ট সমাদৰ লাভ কৰিছিল।

২০০৭ চনত সংগীত নাটক অকাদেমী বঁটা, ২০১১ চনত পদ্মভূষণ লাভ কৰিছিল মহম্মদ জহুৰ খয়ামে। কভি কভি, উমৰাওজান আদি বলীউডৰ বিখ্যাত ছবিৰ বাবে ফিল্ম ফেয়াৰ সন্মানেৰেও সন্মানিত হৈছিল তেওঁ।
আৰু চাওক
পৰৱৰ্তী বাতৰি