দেশত অতিমাৰী কোৰোণাৰ সংহাৰী ৰূপ অব্যাহত থকাৰ মাজতে এতিয়া যিকোনো প্ৰকাৰে দেশৰ জনতাৰ প্ৰাণ ৰক্ষাৰ বাবে একত্ৰিত হৈছে সকলো। নিজৰ সক্ষমতা অনুসৰি ইজনে আনজনক আগবঢ়াইছে সহায়ৰ হাত। ত্ৰাণ কৰ্তাৰূপত থিয় দিছে বহু লোক। শেহতীয়াকৈ তেনেই আন এগৰাকী মানৱতাবাদী লোক তথা কোভিড যোদ্ধাৰ কাহিনী পোহৰলৈ আহিছে মুম্বাইত। প্ৰাক্তন ভাৰতীয় বেটছমেন ভিভিএছ লক্ষ্মণে শ্বেয়াৰ কৰিছে মুম্বাইৰ এগৰাকী শিক্ষকৰ মানৱতাবাদী কাহিনী, যিয়ে নিজৰ অটোৰিক্সাক এম্বুলেন্সলৈ ৰূপান্তৰিত কৰি কোভিড ৰোগীক বিনামূলীয়াকৈ চিকিৎসালয়লৈ নিয়াত সহায় কৰি আহিছে।
সুবুৰবান ঘাটকোপাৰৰ নিবাসী দত্তাত্ৰেয় সাৱন্ত নামৰ এই ব্যক্তিগৰাকী হৈছে দিনানসাগৰ বিদ্যা মন্দিৰ বিদ্যালয়ৰ এগৰাকী অংশকালীন ইংৰাজী বিষয়ৰ শিক্ষক। শিক্ষকতাৰ লগতে সাৱন্তে পৰিয়াল পোহ পাল দিবলৈ অংশকালীন হিচাপেই অটোও চলায় আৰু সেই অটোৰেই এতিয়া তেওঁ সহায়ৰ হাত আগবঢ়াইছে আন বহুজনক।
সমগ্ৰ মহাৰাষ্ট্ৰত কোভিড ৰোগীৰ সংখ্যা বৃদ্ধি আৰু দৰিদ্ৰ ৰোগীসকলৰ বাবে পৰিবহন সুবিধাৰ অভাৱৰ কথা বিবেচনা কৰিয়েই ১৫ এপ্ৰিলৰ পৰা উত্তৰ-পূব মুম্বাইত লকডাউনৰ চলি সময়তে বিনামূলীয়া যাত্ৰা প্ৰদান কৰা আৰম্ভ কৰিছিল সাৱন্তে। এতিয়ালৈকে তেওঁ ২৬গৰাকী কোভিড ৰোগীক বিনামূলীয়া ভ্ৰমণ প্ৰদান কৰিছে। লক্ষ্যণীয় দিশটো হ'ল যে ৰোগীসকলক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত সাৱন্তে পিপিই কীট পৰিধান কৰাৰ লগতে সুস্থ হৈ উঠা ৰোগীক ঘৰলৈ ঘূৰাই অনাৰ পূৰ্বেই তেওঁ বাহনখন চেনিটাইজো কৰে।
নিজৰ এই মহৎ পদক্ষেপ সম্পৰ্কত সাৱন্তে কয় যে যেতিয়ালৈকে মহাৰাষ্ট্ৰত কোভিড-১৯ৰ সংহাৰ অব্যাহত থাকিব তেতিয়ালৈকে তেওঁ আগবঢ়াই যাব এই সেৱা।
মাইক্ৰ'ব্লগিং ছাইটত সাৱন্তৰ এই মহৎ কামৰ প্ৰশংসা কৰিছিল প্ৰাক্তন ভাৰতীয় খেলুৱৈ লক্ষ্মণে। তাৰ পিছতেই লক্ষ্মণৰ এই পোষ্ট ভাইৰেল হৈ পৰাত সাৱন্তৰ এই প্ৰচেষ্টাক সহায় কৰিবলৈ আগবাঢ়ি আহে মুম্বাই ক্ৰিকেট এছ'চিয়েচন। ইপিনে কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰণালয়েও সাৱন্তৰ অটোৰিক্সাত খৰচ হোৱা ইন্ধনৰ সম্পূৰ্ণ ব্যয় সামৰি লোৱাৰ কথা ঘোষণা কৰে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 03, 2021, 12:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।