உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Gold Story: আজৱ কাণ্ড! দোকানতকৈও পুলিচ থানাত বেছি হ'লগৈ সোণৰ দাম, কেনেকৈ?

    Gold Story: আজৱ কাণ্ড! দোকানতকৈও পুলিচ থানাত বেছি হ'লগৈ সোণৰ দাম, কেনেকৈ?

    সাংকেতিক ছবি

    সাংকেতিক ছবি

    Gold Story: ১৯৯৮ চনত ডকাইতৰ দলে অৰ্জন দাসৱানী পৰিয়ালক বন্দী কৰি তেওঁলোকৰ পৰা লকাৰৰ ছাবি লৈ সোণ চুৰি কৰিছিল।

    • Share this:
    যদি আপোনাৰ ১৩ লাখ টকাৰ সামগ্ৰী চুৰি হয় আৰু তাৰ বিনিময়ত ৮ কোটি টকা পায় তেন্তে আপুনি ইয়াক চুৰি বুলি ক'ব নে বিনিয়োগ? মুম্বাইত এনে এক ঘটনা পোহৰলৈ আহিছে। দৰাচলতে ২২ বছৰ আগতে চুৰি হোৱা সোণ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।  কিন্তু আইনী জঁটৰ বাবে পৰিয়ালটোৱে ইয়াক ঘূৰাই পোৱা নাছিল। আদালতে এতিয়া আবেদনকাৰীৰ সপক্ষে চূড়ান্ত ৰায় ঘোষণা কৰিছে।

    ১৯৯৮ চনত বিখ্যাত ফেশ্বন ব্ৰেণ্ড চিৰাগ দিনৰ গৰাকী অৰ্জন দাসৱানীৰ ঘৰৰ পৰা এটা সোণৰ মুদ্ৰা, দুটা সোণৰ ব্ৰেচলেট আৰু 100 গ্ৰাম আৰু 200 মিগ্ৰা ওজনৰ দুটা মুদ্ৰা চুৰি হৈছিল। তেতিয়া সেইবোৰৰ মূল্য আছিল ১৩ লাখ টকা। আদালতৰ নিৰ্দেশৰ পিছত সোণখিনি এতিয়া অৰ্জনৰ পুত্ৰ ৰাজু দাসৱানীক ঘূৰাই দিয়া হৈছে।

    অৰ্জন দাসৱানীৰ কোলাবাৰ ঘৰত ১৯৯৮ চনৰ ৮ মে তাৰিখে এই চুৰিৰ ঘটনা সংঘটিত হৈছিল। ডকাইতৰ এটা দলে চোকা অস্ত্ৰৰে নিৰাপত্তাৰক্ষীক আঘাত কৰিছিল আৰু তাৰ পিছত গোটেই দাসৱানী পৰিয়ালটোক বন্দী কৰি লৈছিল। তাৰ পিছত তেওঁলোকৰ পৰা লকাৰৰ ছাবি লৈছিল আৰু সোণ চুৰি কৰিছিল। ঘটনাটোৰ কেইদিনমান পিছতে আৰক্ষীয়ে তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু তিনিওজনক ১৯৯৯ চনত দোষী সাব্যস্ত কৰা হয়।

    গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ পৰা কিছু চুৰি সোণ উদ্ধাৰ কৰা হৈছিল। কিন্তু গোচৰটোত অভিযুক্ত আন তিনিজন এতিয়াও পলাতক হৈ আছে। আদালতে নিৰ্দেশ দিছিল যে চোৰ তিনিটা গ্ৰেপ্তাৰ নোহোৱালৈকে সোণখিনি আৰক্ষীৰ জিম্মাত ৰখা হ'ব। সেয়ে ইমানদিনে সোণখিনি আৰক্ষীৰ জিম্মাতেই আছিল। এতিয়া পলাতক অভিযুক্তসকলক গ্ৰেপ্তাৰ নকৰিলেও সোণখিনি ঘূৰাই দিয়াৰ বাবে আবেদন কৰিছিল পৰিয়ালটোৱে।

    বিচাৰকজনে তেওঁৰ ৰায়ত কৈছিল যে সোণখিনি আৰক্ষীৰ জিম্মাত ৰখাৰ কোনো অৰ্থ নাই। পলাতক অভিযুক্ত দুজনৰ ইমান বছৰে গ্ৰেপ্তাৰ নোহোৱাটো আচৰিত কথা বুলি কয় বিচাৰকে। আদালতে কয় যে এনেদৰে এজন অভিযোগকাৰীয়ে তেওঁৰ সম্পত্তি ঘূৰাই পাবলৈ কৰিবলৈ বছৰ বছৰ ধৰি অপেক্ষা কৰাটো ন্যায়ৰ উপহাস আৰু আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ মাথোন।
    Published by:Manjumoni Borah
    First published: