মহাৰাষ্ট্ৰত বৰষুণৰ ফলত এইপৰ্যন্ত ৪০ গৰাকী লোকৰ মৃত্যু

মুম্বাই আৰু পুণেত সোমবাৰে নিশা ২খন পৃথক পৃথক স্থানত হৈ থকা বৰষুণৰ বাবে দেৱাল খহি মুঠ ২০ গৰাকী লোকৰ মৃত্যু হয়। নিহতৰ ১৪ গৰাকী লোক মুম্বাইৰ আৰু ৬ গৰাকী লোকৰ মৃত্যু হয় পুণেত। 

Dulu Medhi | news18assam
Updated:July 2, 2019, 8:38 AM IST
মহাৰাষ্ট্ৰত বৰষুণৰ ফলত এইপৰ্যন্ত ৪০ গৰাকী লোকৰ মৃত্যু
মুম্বাই আৰু পুণেত সোমবাৰে নিশা ২খন পৃথক পৃথক স্থানত হৈ থকা বৰষুণৰ বাবে দেৱাল খহি মুঠ ২০ গৰাকী লোকৰ মৃত্যু হয়। নিহতৰ ১৪ গৰাকী লোক মুম্বাইৰ আৰু ৬ গৰাকী লোকৰ মৃত্যু হয় পুণেত। 
Dulu Medhi | news18assam
Updated: July 2, 2019, 8:38 AM IST
মহাৰাষ্ট্ৰৰ মুম্বাই আৰু আশে–পাশে থকা এলেকাসমূহত বিগত ২ দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত যথেষ্ট ক্ষতিসাধন। মুম্বাই আৰু পুণেত সোমবাৰে নিশা ২খন পৃথক পৃথক স্থানত হৈ থকা বৰষুণৰ বাবে দেৱাল খহি মুঠ ২০ গৰাকী লোকৰ মৃত্যু হয়। নিহতৰ ১৪ গৰাকী লোক মুম্বাইৰ আৰু ৬ গৰাকী লোকৰ মৃত্যু হয় পুণেত। মহাৰাষ্ট্ৰত বৰষুণৰ ফলত সংঘটিত দুৰ্ঘটনাসমূহত বৰ্তমানলৈ ৪০ গৰাকী লোকৰ মৃত্যু হয়।

 



এফালে মুম্বাইৰ মলাড ছাব–ৱেত পানী জমা হোৱা বাবে এখন স্কৰপিঅ’ বাহন আবদ্ধ হৈ ২জন লোকৰ মৃত্যু হয়। ৰাজ্যৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিচে বৰষুণত নিহত হোৱা পৰিয়াললৈ দুখ প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাৰ ঘোষণা কৰে।

মুম্বাই আৰু আশে–পাশে থকা অঞ্চলসমূহত মঙলবাৰৰ দিনটোতো বৰষুণ হোৱাৰ সম্ভাৱনা। প্ৰশাসনে মুম্বাইত আজি চৰকাৰী বন্ধ ঘোষণা কৰি প্ৰয়োজন নোহোৱাকৈ ঘৰৰ বাহিৰলৈ ওলাই নাহিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।

বৰষুণৰ ফলত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে এয়াৰলাইঞ্চে মুম্বাইলৈ যোৱাৰ টিকট জাৰি কৰা বন্ধ কৰি দিয়ে।

প্ৰৱল বৃষ্টিপাতৰ ফলত ৰে’লৱে ট্ৰেকসমূহো পানীত বুৰ যায়।

 



বৰষুণৰ বাবে ইণ্টাৰনেট সেৱাও লেহেমীয়া হৈ পৰিছে। বছই–বিৰাৰত যথেষ্ট প্ৰভাৱ পৰিছে ইণ্টাৰনেট সেৱাৰ ক্ষেত্ৰত।

মুম্বাই বিমানবন্দৰৰ বিষয়াই জনালে যে, বৰষুণৰ বাবে বৰ্তমানলৈ ৫৪খন বিমান সমীপৰ বিমানবন্দৰলৈ স্থানান্তৰ কৰা হৈছে।

 



মুম্বাইৰ কল্যাণত নেৰানেপেৰা বৰষুণৰ ফলত সোমবাৰে নিশা ১২.৩০ বজাত বাগৰি পৰে নেচনেল উৰ্দু স্কুল। এই ঘটনাত ৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এজন আহত হয়।

 



 

 
আৰু চাওক পৰৱৰ্তী বাতৰি