মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»Mumbai Rains : মূষলধাৰ বৰষুণত উটি গ’ল মায়ানগৰী মুম্বাইৰ আভিজাত্য, এতিয়ালৈ ২১জন লোকৰ মৃত্যু

Mumbai Rains : মূষলধাৰ বৰষুণত উটি গ’ল মায়ানগৰী মুম্বাইৰ আভিজাত্য, এতিয়ালৈ ২১জন লোকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:July 18, 2021, 11:27 AM IST
Mumbai Rains : মূষলধাৰ বৰষুণত উটি গ’ল মায়ানগৰী মুম্বাইৰ আভিজাত্য, এতিয়ালৈ ২১জন লোকৰ মৃত্যু
মুম্বাইত শনিবাৰে মাজনিশাৰে পৰা হৈ থকা বৰষুণৰ ফলত হনুমান নগৰৰ পৰা কান্দিৱালীলৈ পানীত ডুব গৈছে।

মুম্বাইত শনিবাৰে মাজনিশাৰে পৰা হৈ থকা বৰষুণৰ ফলত হনুমান নগৰৰ পৰা কান্দিৱালীলৈ পানীত ডুব গৈছে।

  • Share this:
মুম্বাইত মূষলধাৰ বৰষুণে পুনৰ এবাৰ মায়ানগৰীৰ আভিজাত্য উটুৱাই নিলে। মুম্বাইত যোৱানিশাৰে পৰা হৈ থকা বৰষুণৰ ফলত বিভিন্ন স্থান পানীত ডুব গৈছে। বৰষুণৰ ফলত আটাইতকৈ বেয়া পৰিস্থিতি হৈছে নিম্ন অংশত। বৰষুণৰ ফলত চেম্বুৰত দেৱাল খবি ১৫জন লোকৰ মৃত্যু হৈছে। আনহাতে, ৱিক্ৰোলীত বৰষুণৰ ফলত চালি ভাঙি পৰাৰ ফলত ৬জন লোকৰ মৃত্যু হয়। ধ্বংসস্তুপত আবদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে অভিযান এতিয়াও অব্যাহত আছে।

মুম্বাইত শনিবাৰে মাজনিশাৰে পৰা হৈ থকা বৰষুণৰ ফলত হনুমান নগৰৰ পৰা কান্দিৱালীলৈ পানীত ডুব গৈছে। বৰষুণৰ পানী মানুহৰ ঘৰৰ ভিতৰলৈ সোমাইছে। মুম্বাই আৰু আশে–পাশে থকা অঞ্চলসমূহৰ ৰাজপথত একাঠু পৰ্যন্ত পানী।


গান্ধী মাৰ্কেট অঞ্চলত পানীৰ ফলত যান–বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আনহাতে, কৃত্ৰিম বানত বুৰিছে মুম্বাইৰ ছিঅ’ন ৰে’ল ষ্টেচন।
Published by: Sanjay Kumar Das
First published: July 18, 2021, 11:27 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি