হৰহৰাই খহি পৰিল চাৰি মহলিয়া অট্টালিকাৰ বৃহৎ অংশ, উদ্ধাৰ অভিযান অব্যাহত

এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

News18-Assam
Updated:September 20, 2019, 12:34 PM IST
হৰহৰাই খহি পৰিল চাৰি মহলিয়া অট্টালিকাৰ বৃহৎ অংশ, উদ্ধাৰ অভিযান অব্যাহত
এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
News18-Assam
Updated: September 20, 2019, 12:34 PM IST
মুম্বাইৰ লোকমান্য তিলক ৰোডত অঘটন। হঠাত্ব খহি পৰিল এটা চাৰি মহলীয়া অট্টালিকাৰ এটা বৃহৎ অংস। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনী। এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

BMCৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনায় যে লোকমান্য তিলক ৰোডত থকা এটা অট্টালিকাৰ এটা অংশ খহি পৰিছে। ধ্বংসস্তুপৰ মাজত কোনো লোক আবদ্ধ হৈ থকা নাই বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে। অট্টালিকাটো পূৰ্বৰে পৰা খালী আছিল। বিপদৰ আগজাননী পাই BMC–এ পূৰ্বেই খালী কৰাইছিল অট্টালিকাটো।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি