• Home
  • »
  • News
  • »
  • nation
  • »
  • কাৰ্ফিউৰৰ মাজত প্ৰেমিকাক লগ কৰাৰ অনুমতি বিচাৰিলে প্ৰেমিকে! মুম্বাই আৰক্ষীয়ে প্ৰেমিকক দিলে আচৰিত উত্তৰ...

কাৰ্ফিউৰৰ মাজত প্ৰেমিকাক লগ কৰাৰ অনুমতি বিচাৰিলে প্ৰেমিকে! মুম্বাই আৰক্ষীয়ে প্ৰেমিকক দিলে আচৰিত উত্তৰ...

এগৰাকী লোকে কৰা প্ৰশ্নৰ সঁহাৰি দি মুম্বাই আৰক্ষীয়ে তেওঁক সোঁৱৰাই দিছিল যে, কোভিড১৯ কাৰ্ফিউৰ এই সময়ত প্ৰেমিকাক লগ কৰাটো কোনো জৰুৰী কাম নহয়।

এগৰাকী লোকে কৰা প্ৰশ্নৰ সঁহাৰি দি মুম্বাই আৰক্ষীয়ে তেওঁক সোঁৱৰাই দিছিল যে, কোভিড১৯ কাৰ্ফিউৰ এই সময়ত প্ৰেমিকাক লগ কৰাটো কোনো জৰুৰী কাম নহয়।

এগৰাকী লোকে কৰা প্ৰশ্নৰ সঁহাৰি দি মুম্বাই আৰক্ষীয়ে তেওঁক সোঁৱৰাই দিছিল যে, কোভিড১৯ কাৰ্ফিউৰ এই সময়ত প্ৰেমিকাক লগ কৰাটো কোনো জৰুৰী কাম নহয়।

  • Share this:
কোৰোণা মহামাৰীৰ সংহাৰে ক্ৰমাৎ মহাৰাষ্ট্ৰৰ পৰিস্থিতি জটিল কৰি তুলিছোে। কোৰোণাৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ ৰাজ্যখনত জাৰি কৰা হৈছে কাৰ্ফিউ ৷ মুম্বাই আৰক্ষীয়েও হাতত লৈছে বিশেষ পদক্ষেপ ৷ কোনো লোক যাতে বিনা কাৰণত ঘৰৰ বাহিৰলৈ ওলাই নাহে, সেই ক্ষেত্ৰত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিছে।

বিগত সপ্তাহত কাৰ্যকৰী হোৱাকৈ কোভিড-১৯ কাৰ্ফিউৰ মাজতে মুম্বাই আৰক্ষীয়ে যান-বাহনৰ বাবে ৰং-কোডযুক্ত ষ্টিকাৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছিল। কেইদিনমান পিছতে চহৰখনৰ আৰক্ষী বিভাগৰ টুইটাৰ হেণ্ডেলত এছ.ও.এছ. বাৰ্তা আৰু স্পষ্টীকৰণৰ বাবে আহ্বান জনোৱা হৈছিল।

তেনেসময়তে মুম্বাইৰ অশ্বিন বিনোদ নামৰ এজন যুৱকে টুইটাৰৰ জৰিয়তে মুম্বাই আৰক্ষীক প্ৰশ্ন কৰে যে, তেওঁ প্ৰেমিকাক লগ কৰিব বিচাৰে।  গতিকে নিজৰ বাহনখনত কি ৰঙৰ ষ্টিকাৰ লগাব লাগিব?  আনকি প্ৰেমিকালৈ বৰকৈ মনত পৰা বুলিও টুইটটোত উল্লেখ কৰে বিনোদে।

হাস্যকৰ যেন লগা এই প্ৰশ্নৰ উত্তৰ দি শেহতীয়াকৈ চৰ্চালৈ আহিছে মুম্বাই আৰক্ষী ৷ আৰক্ষীয়ে পৰম সৌজন্য আৰু সহানুভূতিৰে সঁহাৰি জনাই লিখিছে, “চাৰ, আমি বুজি পাইছো এয়া যে, আপোনাৰ বাবে অত্যাৱশ্যকীয়, কিন্তু দুৰ্ভাগ্যবশতঃ এই বিষয়টো আমাৰ অত্যাৱশ্যকীয় বা জৰুৰীকালীন শ্ৰেণীৰ অধীনত নপৰে ! দূৰত্বই আপোনাৰ ভালপোৱা বঢ়াব আৰু বৰ্তমান, আপুনি স্বাস্থ্যৱান হৈ থাকক। ওৰে জীৱন আপোনালোক দুয়োজন একেগলে থকাটো বিচাৰিছো। এটা মাত্ৰ এটা পৰ্যায়হে।''

মুম্বাই আৰক্ষীৰ এই টুইটৰ উত্তৰে এতিয়া সকলোকে আমোদ দিয়াৰ লগতে ছচিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, সমগ্ৰ মহাৰাষ্ট্ৰতে কোভিড১৯ৰ আক্ৰান্তৰ ঘটনাৰ লগতে মৃত্যুৰ সংখ্যাও এক ভয়ংকৰ হাৰত বৃদ্ধিৰ পাইছে ৷ যাৰ পৰিপ্ৰেক্ষিততে মুম্বাই আৰক্ষীয়ে বিগত সপ্তাহত ৰাস্তাত চলাচল কৰা বাহনৰ সংখ্যা সীমিত কৰিবলৈ অত্যাৱশ্যকীয় সেৱা শ্ৰেণীৰ বাহনসমূহক ৰঙীন কোড প্ৰদান কৰা আৰম্ভ কৰিছিল।

ইফালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰে কয় যে, দেশত এদিনতে পঞ্জীয়ন কৰা ৩,১৪,৮৩৫ টা নতুন কোভিদ কেচৰ ৭৫ শতাংশতকৈও অধিক ঘটনা মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, দিল্লী আৰু গুজৰাটৰ ।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি