TRP মেনেজ কৰে নেকি Republic TVয়ে? মুম্বাই আৰক্ষীৰ জালত বৃহত্‍ ৰেকেট! জেৰাৰ সন্মুখীন হ’ব মুখ্য সম্পাদক, সঞ্চালক

News18 Assam | News18-Assam
Updated:October 8, 2020, 9:16 PM IST
TRP মেনেজ কৰে নেকি Republic TVয়ে? মুম্বাই আৰক্ষীৰ জালত বৃহত্‍ ৰেকেট! জেৰাৰ সন্মুখীন হ’ব মুখ্য সম্পাদক, সঞ্চালক
বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মুম্বাই আৰক্ষীৰ সঞ্চালক প্ৰধান পৰম বীৰ সিঙে কয় যে, মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি সহ তিনিটাকৈ চেনেলৰ বিৰুদ্ধে TRP মেনেজ কৰাৰ বহু তথ্য পাতি লাভ কৰিছে।

বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰি মুম্বাই আৰক্ষীৰ সঞ্চালক প্ৰধান পৰম বীৰ সিঙে কয় যে, মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি সহ তিনিটাকৈ চেনেলৰ বিৰুদ্ধে TRP মেনেজ কৰাৰ বহু তথ্য পাতি লাভ কৰিছে।

  • Share this:
দেশত মেনেজ কৰা হয় নেকি টি আৰ পি? বিজ্ঞাপনৰ স্বাৰ্থত একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মেনেজ কৰে নেকি টি আৰ পি? বিভিন্ন সময়ত এনে কেত বোৰ অভিযোগ উত্থাপিত হোৱা দেখা যায়। তাৰ মাজতে বৃহস্পতিবাৰে মুম্বাই আৰক্ষী সঞ্চালক প্ৰধানৰ বিস্ফোৰক সংবাদমেল। সংবাদমেল সম্বোধন কৰি মুম্বাই আৰক্ষীৰ সঞ্চালক প্ৰধান পৰম বীৰ সিঙে কয় যে, ‘মুম্বাই আৰক্ষীয়ে ৰিপাব্লিক টিভি সহ তিনিটাকৈ চেনেলৰ বিৰুদ্ধে TRP মেনেজ কৰাৰ বহু তথ্য পাতি লাভ কৰাৰ প্ৰমাণ লাভ কৰিছে। আন দুটা চেনেল ক্ৰমতে, Fakt Marathi, Box Cinema।’ ইতিমধ্যে মুম্বাই আৰক্ষীৰ জালত পৰিছে এটা বৃহত্‍ ৰেকেট।

সংবাদমেলত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে,


  • সমগ্ৰ মুম্বাইত টি আৰ পি পৰীক্ষণ কৰিবলৈ প্ৰায় ২ হাজাৰটা বেৰ’মিটাৰ ইন্চটল কৰা আছে। BARCয়ে সমগ্ৰ প্ৰক্ৰিয়াটো পৰীক্ষণ কৰিবলৈ 'Hansa'নামৰ এটা প্ৰতিষ্ঠানৰ সৈতে গোপনে কণ্টেক্ট কৰিছে। অভিযুক্তই এতিয়া চিকাৰ কৰিছে যে, নিৰ্দিষ্ট চেনেল কেইটা লগাই থবলৈ মেচিন থকা বহুতৰ ঘৰক ধনৰ বিনিময়ত মেনেজ কৰা হৈছে।

  • ইতিমধ্যে এই অভিযোগত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান জেৰাৰ বাবে মুম্বাই আৰক্ষীৰ জিম্মাত ৰখা হৈছে দুয়োজন অভিযুক্তক।

  • আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে কয় যে, মাৰাঠী চেনেল Fakt Marathi, Box Cinemaৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে।

  • ইফালে ৰিপাব্লিক টিভিৰ প্ৰম’টাৰ আৰু সঞ্চালকলৈ চমন জাৰি কৰিছে মুম্বাই আৰক্ষীয়ে। লগতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণব গোস্বামীলৈও চমন জাৰি কৰিব বুলি জনাইছে মুম্বাই আৰক্ষীয়ে।


  • আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ সংবাদমেলে এতিয়া সমগ্ৰ দেশতে বিশেষ তাত্‍পৰ্যবহন কৰিছে। এতিয়া আৰক্ষীৰ জেৰাত এই সন্দৰ্ভত অধিক তথ্য পোহৰলৈ আহিব বুলি অনুমান কৰা হৈছে।


ইফালে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে এই অভিযোগ খণ্ডন কৰিছে। অৰ্ণৱ গোস্বামীয়ে কৈছে যে,  এয়া আক্ৰোশমূলক। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ সময়ত মুম্বাই আৰক্ষীয়ে লোৱা ভূমিকাক ৰিপাব্লিক টিভিয়ে সমালোচনা কৰাৰ পিছৰে পৰা মুম্বাই আৰক্ষীৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান পৰম বীৰ সিঙে লক্ষ্য কৰি লৈছে ৰিপাব্লিক টিভিক। ইফালে ৰিপাব্লিক টিভিৰ বিৰুদ্ধে মিছা অভিযোগ অনাৰ বাবে এতিয়া মুম্বাই আৰ৭ীৰ বিৰুদ্ধে সংবাদ মাধ্যমটোৱে মানহানিৰ গোচৰ ৰুজু কৰিছে।
Published by: Himangshu Bhuyan
First published: October 8, 2020, 6:11 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading