মুখ্যপৃষ্ঠা »খবৰ »দেশ »Republic TVৰ এডিটৰ ইন চীফ অসম সন্তান অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ, কাৰণ এইটো আত্মহত্যাৰ ঘটনা!

Republic TVৰ এডিটৰ ইন চীফ অসম সন্তান অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ মুম্বাই আৰক্ষীৰ, কাৰণ এইটো আত্মহত্যাৰ ঘটনা!

মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা এই গোচৰত চিআইডি তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। আৰক্ষীয়ে অৰ্ণৱৰ ঘৰ তালাচীও চলাইছিল।

মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা এই গোচৰত চিআইডি তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। আৰক্ষীয়ে অৰ্ণৱৰ ঘৰ তালাচীও চলাইছিল।

মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা এই গোচৰত চিআইডি তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। আৰক্ষীয়ে অৰ্ণৱৰ ঘৰ তালাচীও চলাইছিল।

  • Share this:
মুম্বাইঃ মুম্বাই আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আলীবাগৰ দাখিল হৈ থকা এক পুৰণি গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে। এই বছৰতে মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা এই গোচৰত চিআইডি তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। আৰক্ষীয়ে অৰ্ণৱৰ ঘৰ তালাচীও চলাইছিল।

অৰ্ণৱ গোস্বামী তথা অন্য দুজন ব্যক্তিয়ে বকেয়া ৰাশি নিদিয়াৰ কাৰণে ৫৩বছৰীয়া এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁৰ মাতৃৰ আত্মহত্যা সন্দৰ্ভত চিআইডিৰ দ্বাৰা পুনঃ তদন্ত কৰোৱাৰ আদেশ দিয়া হৈছিল। ৰাজ্যৰ গৃহ মন্ত্ৰী অনিল দেশমুখে কৈছিল যে ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইকৰ কন্যা আজ্ঞা নাইকে দাবী কৰা মতে ৰায়গড় জিলাত আলীবাগ আৰক্ষীয়ে বকেয়া ৰাশি নিদিয়াক লৈ তদন্ত কৰা নাছিল। এইকাৰণে অন্বয় আৰু মাকে আত্মহত্যা কৰিছিল। প্ৰকাশিত তথ্য মতে, অন্বয় নাইকে লিখি থৈ যোৱা চুইছাইড নোটত কৈছিল যে অভিযুক্তই তেওঁৰ ৫ কোটি ৪০লাখ টকা আদায় দিয়া নাছিল কাৰণে তেওঁ আত্মহত্যা কৰে। ৰিপাব্লিক টিভিয়ে এই অভিযোগ খাৰিজ কৰিছিল।

শেহতীয়া বাতৰি