'তাইলৈ মনত পৰিছে'- কোৰোণাৰ ভয়াৱহতাৰ মাজতে প্ৰেমিকাক লগ কৰাৰ অনুমতি বিচাৰি প্ৰেমিকৰ টুইট! আৰক্ষীয়ে ক'লে-' দুৰত্বই দুখন অন্তৰক অধিক ওচৰ চপাই আনে'

News18 Assam | News18-Assam
Updated:April 22, 2021, 5:04 PM IST
'তাইলৈ মনত পৰিছে'- কোৰোণাৰ ভয়াৱহতাৰ মাজতে প্ৰেমিকাক লগ কৰাৰ অনুমতি বিচাৰি প্ৰেমিকৰ টুইট! আৰক্ষীয়ে ক'লে-' দুৰত্বই দুখন অন্তৰক অধিক ওচৰ চপাই আনে'
দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বৰ্তমান মহাৰাষ্ট্ৰত।

দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বৰ্তমান মহাৰাষ্ট্ৰত।

  • Share this:
কোৰোণাৰ ভয়াৱহ পৰিস্থিতি মহাৰাষ্ট্ৰত। ৰাজ্যখনত বতাহৰ গতিত বাঢ়িছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। পৰিস্থিতি সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণৰ বাহিৰত। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্তৰ সংখ্যা বৰ্তমান মহাৰাষ্ট্ৰত।

ৰাজ্যখনত কোৰোণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ নীতি নিয়ম নিৰ্ধাৰণ কৰা হৈছে। কেৱল অত্যাৱশ্যকীয় কাম-কাজৰ বাবেহে সাধাৰণ লোকক ঘৰৰ পৰা ওলোৱাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে। এনে সময়তে মুম্বাই আৰক্ষীৰ এটা টুইটে ব্যাপক চৰ্চা লাভ কৰিছে।



এজন লোকে নিজৰ প্ৰেমিকাক লগ কৰাৰ অনুমতি বিচাৰিছিল মুম্বাই আৰক্ষীৰ পৰা। তেওঁ টুইটাৰত লিখিছিল যে, 'কিদৰে মই ঘৰৰ বাহিৰলৈ গৈ প্ৰেমিকাক লগ কৰিব পাৰিম? তাইলৈ বৰকৈ মনত পৰিছে।'




লোকজনক লগে লগে টুইটাৰত উত্তৰ দিয়ে মুম্বাই আৰক্ষীয়ে। 'আমি বিশ্বাস কৰিছো, এয়া এচেনচিয়েল। কিন্তু বৰ্তমান জৰুৰী অত্যাৱশ্যকীয় সেৱাৰ ভিতৰত ই অন্তৰ্ভুক্ত হৈ থকা নাই! দুৰত্বই দুখন অন্তৰক অধিক কাষলৈ চপাই আনে। আমি আপোনালোক চিৰদিন একেলগে থকাতো বিচাৰো। এটা মাত্ৰ এটা পৰ্যায়।'
Published by: Himangshu Bhuyan
First published: April 22, 2021, 5:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি