মহাৰাষ্ট্ৰৰ প্ৰৱল বৰষুণৰ মাজত মুম্বাই আৰু কোলহাপুৰৰ মাজত চলা মহালক্ষ্মী এক্সপ্ৰেছ বদলাপুৰ আৰু বানগানী ৰূটত আৱদ্ধ হৈ পৰিছিল। বৰষুণৰ ফলত ৰে’লত থকা কমেও ৭০০ যাত্ৰী আৱদ্ধ হৈ পৰিছিল। এই উদ্ধাৰ অভিযানৰ দায়িত্ব লয় এনডিআৰএফ, ভাৰতীয় নৌ সেনাৰ ৱেষ্টাৰ্ণ কামাণ্ড আৰু ভাৰতীয় বায়ুসেনাই। সন্মিলিত প্ৰচেষ্টাত ৰে’লত থকা সকলো যাত্ৰীক সুকলমে উদ্ধাৰ কৰা হয়।
বৰষুণৰ ফলত উলহাস নদীৰ পানী ফেনে ফোটোকাৰে বাঢ়ি আহে আৰু বদলাপুৰৰ সমীপৰ ৰে’লৱে ট্ৰেক সম্পূৰ্ণৰূপে পানীত ডুব যায়। থানেৰ ডেপুটি কালেক্টৰ শিৱাজী পেটেলে জনোৱা মতে পানীৰ কাৰণেই মহালক্ষ্মী এক্সপ্ৰেছ ৰে’লখন ৰখাই লোৱাৰ সিদ্ধান্ত লোৱা হয়। যাত্ৰীসকল আতংকিত আছিল কিন্তু একমাত্ৰ ট্ৰেকত বাঢ়ি অহা পানীৰ কাৰণে।
প্ৰথমাৱস্থাত স্থানীয় প্ৰশাসন আৰু এনডিআৰএফৰ দলৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰে। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণাধীন নোহোৱাৰ বাবে নৌসেনাৰ মুঠ ৮টা টীমসহ বায়ুসেনাৰো সহায় লোৱা হয়। নেভিয়ে হেলিকপ্তাৰ সেৱাৰ দ্বাৰা মানুহক উদ্ধাৰ খৰটকীয়া কৰি তোলে।
ৰে’লখনৰ পৰা উদ্ধাৰ কৰা যাত্ৰীসকলৰ মাজত ৯গৰাকী গৰ্ভৱতী মহিলাও আছিল। এনডিআৰএফে নাৱৰ সহায়ত সকলো মানুহক ৰে’লৰ পৰা উলিয়াই খালী ঠাইলৈ লৈ যায়। প্ৰথমাৱস্থাত ৰাইজে নিজেই ৰে’লৰ পৰা ওলাবলৈ চেষ্টা কৰিছিল যদিও ৰে’লৱেৰ তৰফৰ পৰা সকলোকে নিজৰ ঠাইত থাকিবলৈ অনুৰোধ কৰা হয়। পুৱাৰে পৰা স্থানীয় আৰক্ষী, আৰপিএফ আৰু ৰে’লৰ ষ্টাফে যাত্ৰীসকলৰ সকলো দিশ পাৰ্যমানে ভালকৈ চোৱা চিতা কৰে।
Published by: Tulika Devi
FIRST PUBLISHED : July 27, 2019, 16:33 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|