ইতিহাসৰ ক’লা দিন! আজিৰ দিনটোতে মুম্বাই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ১৬৬জন লোকে

News18-Assam
Updated:November 26, 2019, 9:40 AM IST
ইতিহাসৰ ক’লা দিন! আজিৰ দিনটোতে মুম্বাই আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ১৬৬জন লোকে
আজি এই ক'লা দিনটোত মুম্বাইৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

আজি এই ক'লা দিনটোত মুম্বাইৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

  • Share this:
২০০৮ চনৰ ২৬ নৱেম্বৰ ভাৰতৰ বাবে এটা ক'লা দিন। আজি মু্ম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ একাদশ বৰ্ষপূৰ্তি। এই ক'লা দিনটো আজিও পাহৰিব পৰা নাই ভাৰতবাসীয়ে। ২০০৮ চনৰ আজিৰ দিনটোতে মু্ম্বাইৰ কেইবাটাও স্থানত পাকিস্তানৰ লস্কৰ–ই–তৈবাৰ দহটা সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ১৬৬ জন লোকে।

নিৰাপত্তা বাহিনীৰ প্ৰত্যাক্ৰমণত ৯টা সন্ত্ৰাসবাদীয়েও প্ৰাণ হেৰুৱাইছিল। সন্ত্ৰাসবাদীকেইটাৰ ভিতৰত জীৱিত হিচাপে আছিল আজমল কাছভ। পৰৰ্ৱতী সময়ত কাজভক দিয়া হয় ফাঁচী। হাফিজ ছয়িদৰ নিৰ্দেশত হৈছিল এই আক্ৰমণ। কিন্তু আজিও মুকলি আকাশৰ তলতে আছে ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়িদ।

এই আক্ৰমণত সৰ্বাধিক লোক নিহত হৈছিল ছত্ৰপতি শিৱাজী টাৰ্মিনাছত। আনহাতে, তাজ হোটেলত মৃত্যু হৈছিল ৩১জন লোকৰ।

আজি এই ক'লা দিনটোত মুম্বাইৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি