অৱশেষত আৰক্ষীয়ে বিচাৰি উলিয়ালে প্ৰতাৰক স্বামীক
অৱশেষত আৰক্ষীয়ে বিচাৰি উলিয়ালে প্ৰতাৰক স্বামীক
এগৰাকী বিবাহিত লোক, পত্নীৰ সৈতে মুম্বাইত একেলগে বাস কৰিছিল। কিন্তু জুলাই মাহত পত্নীক ফোন কৰি কোৰোণা পজিটিভ হোৱা বুলি কৈ ঘৰৰ পৰা আঁতৰি গৈছিল লোকজন। কিন্তু এতিয়া ওলাই পৰিল লোকজনৰ প্ৰকৃত স্বৰূপ। কোৰোণা হৈছে বুলি ফাঁকি দি ইন্দোৰত থকা নিজৰ অবৈধ প্ৰেয়সীৰ সৈতে বাস কৰি আছিল লোকজনে।
টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশ কৰা বাতৰি অনুসৰি, আৰক্ষীয়ে এমাহ ধৰি অনুসন্ধান চলোৱাৰ পিছত লোকজনৰ শেহতীয়া অৱস্থিতি ইন্দোৰত ধৰা পৰে। আৰু ইন্দোৰৰ পৰা লোকজনক মুম্বাইলৈ লৈ আহি পত্নীৰ হাতত গটাই দিয়ে আৰক্ষীয়ে।
যোৱা ২৪ জুলাইত মুম্বাইত থকা পত্নীলৈ ফোন কৰি লোকজনে কয় যে, তেওঁ কোৰোণাত আক্ৰান্ত হৈছে। আৰু তেওঁৰ স্বাস্থ্যৰ অৱস্থা এতিয়া সংকটজনক। বৰ্তমান তেওঁ ক’ত আছে, সেই কথা পত্নীক ক’ব নোৱাৰে। আৰু এই কথাখিনি কোৱাৰ পিছত ফোন অ’ফ কৰি দিয়ে লোকজনে।
লোকজনৰ মটৰ চাইকেল কিছুদিনৰ পিছত এজন সম্বন্ধীয় লোকে ৰাস্তাৰ পৰা উদ্ধাৰ কৰে। আৰু পিছত পত্নীয়ে লোকজন নিৰুদ্দেশ হোৱা বুলি আৰক্ষী চকীত কমপ্লেইন দিয়ে। আৰু তাৰ পিছতে আৰক্ষীয়ে লোকজনক বিচাৰি অভিযান আৰম্ভ কৰে।
প্ৰথমে আৰক্ষীয়ে লোকজনক কোৰোণা পৰীক্ষা চেণ্টাৰ, হাস্পতালত বিচাৰে। আনকি যি ঠাইৰ পৰা লোকজনৰ বাইকখন উদ্ধাৰ কৰা হৈছিল, সেই ঠাইতো আৰক্ষীয়ে বিচাৰে। কিন্তু লোকজনৰ ফোন অ’ফ কৰি থোৱাৰ বাবে তেওঁক ট্ৰেক কৰাতো আৰক্ষীৰ বাবে কষ্টকৰ আছিল।
কিন্তু অৱশেষত আৰক্ষীয়ে ইন্দোৰত লোকজনৰ সন্ধান লাভ কৰে। আৰু যোৱা সপ্তাহত আৰক্ষীয়ে লোকজনক অবৈধ প্ৰেয়সীৰ সৈতে উদ্ধাৰ কৰে ইন্দোৰৰ পৰা। ভুৱা পৰিচয় পত্ৰৰে ভাড়াঘৰত জুলাই মাহৰ পৰাই বাস কৰিছিল লোকজনে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|