মুখ্যপৃষ্ঠা »খবৰ »দেশ »ক্লিনিকত বেমাৰৰ ভাও ধৰি লম্পটে মনোচিকিৎসকৰ পৰা ল’ব খুজিলে যৌন সুখ! জামিন নাকচ কৰি আদালতে ক’লে...

ক্লিনিকত বেমাৰৰ ভাও ধৰি লম্পটে মনোচিকিৎসকৰ পৰা ল’ব খুজিলে যৌন সুখ! জামিন নাকচ কৰি আদালতে ক’লে...

ক’ৰ্টে এইবুলিও উল্লেখ কৰিছে অভিযুক্ত জনৰ কোনো ধৰণৰ চিকিৎসা জনিত ৰোগ নাই । তেওঁ কেৱল যৌন আনন্দ পাবলৈ মনো চিকিৎসকৰ ওচৰলৈ গৈছিল।

ক’ৰ্টে এইবুলিও উল্লেখ কৰিছে অভিযুক্ত জনৰ কোনো ধৰণৰ চিকিৎসা জনিত ৰোগ নাই । তেওঁ কেৱল যৌন আনন্দ পাবলৈ মনো চিকিৎসকৰ ওচৰলৈ গৈছিল।

  • Share this:
মহিলাৰ শ্লীলতা হানিৰ একাধিক গোচৰ চলি থকা এজন অভিযুক্তৰ জামিন এক সত্ৰ ন্যায়াধীশৰ আদালতে নাকচ কৰিছে। শেহতীয়া এক নতুন গোচৰ মতে ৪৩ বছৰীয়া ব্যক্তিজনে বিকৃত মানসিকতাৰ পৰিচয় দি এগৰাকী মনোৰোগ চিকিৎসকৰ পৰা আভুৱা ভাৰি যৌনসুখ লোৱাৰ অপচেষ্টা চলাইছিল। ঘটনাটো মুম্বাইৰ। মহানগৰীৰ বিভিন্ন থানাত মহিলাজনিত অপৰাধৰ গোচৰ ব্যক্তিজনৰ বিৰুদ্ধে ৰুজু হোৱাৰ লগতে নৱী মুম্বাইতো মহিলাৰ শ্লীলতা হানিৰ অভিযোগত গোচৰ ৰুজু হৈ আছে। অভিযুক্ত লোকজনে ইয়াৰ পিছতো এগৰাকী চাইকথেৰাপিষ্টক যৌন সমস্যা আছে বুলি যৌন সুখ লোৱাৰ অপচেষ্টা চলাইছিল।

আদালতে অভিযুক্ত লোকজনৰ জামিন নামঞ্জুৰ কৰি কয় যে বিভিন্ন থানাত অভিযুক্ত এৰিক আনক্লেচেৰিয়াৰ বিৰুদ্ধে মহিলাৰ শ্লীলতা হানিৰ বিভিন্ন গোচৰ ৰুজু হৈ আছে। বিভিন্ন সাক্ষ্য প্ৰমাণৰ ভিত্তিত ক’ব পাৰি যে ব্যক্তিজন স্বভাৱজাত অপৰাধী।

লগতে ক’ৰ্টে এইবুলিও উল্লেখ কৰিছে অভিযুক্ত জনৰ কোনো ধৰণৰ চিকিৎসা জনিত ৰোগ নাই । তেওঁ কেৱল যৌন আনন্দ পাবলৈ মনো চিকিৎসকৰ ওচৰলৈ গৈছিল।

ভাকোলা আৰক্ষীয়ে আদালতত জনায় যে অভিযুক্ত লোকজনৰ বিৰুদ্ধে অম্বলি আৰক্ষী থানা, ৱৰ্লি আৰক্ষী থানা আৰু তুৰ্ভে আৰক্ষী থানাৰ নাভি মুম্বাই আৰু নাভা শেভা আৰক্ষী থানাত একে ধৰণৰ নাৰীৰ শ্লীলতা হানিৰ গোচৰ চলি আছে।

অভিযুক্ত লোকজনে এই বুলি জামিন বিচাৰিছল তেওঁৰ বিৰুদ্ধে এখন এক ভুৱা এজাহাৰ দাখিল কৰা হৈছে আৰু তেওঁ এটা এম এন চিত উপসঞ্চালক হিচাপে কাম কৰে।

মনোচিকিৎসকজনৰ অভিযোগ অনুসৰি তেওঁৰ ক্লিনিকত ২ নৱেম্বৰ ২০২০ ত এটা ফোন আহিছিল আৰু ড০ প্ৰধান- যোশীৰ ওচৰত চিকিৎসা কৰোৱা এজন ৰোগীয়ে মূত্ৰাশয়ৰ নিয়ন্ত্ৰণহীনতা আৰু শীঘ্ৰ পতনৰ সমস্যাত ভুগি আছিল। তেওঁক উত্তেজনা আৰু হস্তমৈথুনৰ প্ৰয়োজন বুলি কৈছিল। প্ৰথমতে লোকজনে চিকিৎসাটো গোপনীয় হ'ব লাগিব বুলি কৈছিল। প্ৰথমে নিজকে ৰায়ন মেনেচিছ হিচাপে পৰিচয় দি লোকজন ক্লিনিকলৈ আহিছিল।

চাইকথেৰাপিষ্ট জনে তেতিয়া কৈছিল এতিয়া উত্তেজনা বৃদ্ধি কৰাৰ সম্ভৱ নহয় যিহেতু সেই সময়ত বিদ্যুৎ নাছিল। তেতিয়া লোকজনে জোৰ দি কৈছিল যে তেওঁক জৰুৰীভাৱে হস্তমৈথুনৰ প্ৰয়োজন। আনকি কৰ্তব্যৰত মনোচিকিৎসকগৰাকীৰ সৈতে ব্যক্তিজনে জোৰকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈও চেষ্টা কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী চিকিৎসকগৰাকীয়ে।

বাৰে বাৰে ব্যক্তিজনক মনোচিকিৎসগৰাকীয়ে বাধা দিয়ে আৰু কোনোমতে তেওঁ নিস্তাৰ পায়। ইয়াৰ পিছত চিকিৎসাৰ সম্পৰ্কীয় কাগজ প্ৰস্তুত কৰোতে অভিযুক্ত লোকজনে চাইক থেৰাপিষ্ট গৰাকীক বাধ্য কৰিছিল যে তেওঁ পিঠিৰ বিষৰ চিকিৎসা কৰাবলৈ অহাৰ কথা লিখিবলৈ। আৰু তাৰ কেইদিন মানৰ পিছত আৰক্ষীৰ পৰা মনোচিকিৎসকগৰাকীলৈ আহে আৰু আৰক্ষীয়ে জনায় যে, লোকজনৰ এই কাৰ্যটো উদ্দেশ্য প্ৰণোদিত আছিল। ইয়াৰ পিছতে মনোচিকিৎসকগৰাকীয়ে ব্যক্তিজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে

শেহতীয়া বাতৰি