৫ বছৰীয়া শিশুৰ গাত হস্তমৈথুন, গোপন অংগত হাত... ১০ বছৰৰ শাস্তি ব্যৱসায়ীক

News18 Assam | News18-Assam
Updated:February 2, 2021, 9:02 AM IST
৫ বছৰীয়া শিশুৰ গাত হস্তমৈথুন, গোপন অংগত হাত... ১০ বছৰৰ শাস্তি ব্যৱসায়ীক
প্ৰতীকী ফটো

পকছ’ আইনৰ অধীনত আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে।

  • Share this:
৫ বছৰীয়া এটি শিশুক যৌন নিৰ্যাতনৰ অভিযোগত পকছ’ আইনৰ ধাৰাত ১০ বছৰৰ শাস্তি বিহা হ’ল এজন ৫৮ বছৰৰ লোকক। ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ ওৱাডালা টিটি থানা অঞ্চলত। লোকজনৰ বিৰুদ্ধে অভিযোগ, পেণ্ট খুলি শিশুটিৰ দেহত হস্তমৈথুন, গোপন অংগত হাত দিছে তেওঁ। আদালতত নিৰ্যাতিত শিশুটিৰ মাতৃয়ে জনায়, পুত্ৰক যৌন নিৰ্যাতন চলোৱা বুলি জানিব পৰাৰ পিছতে অভিযুক্তৰ মুখামুখি হয়। অভিযুক্তই ক্ষমা বিচাৰি কন্দা–কটা আৰম্ভ কৰে। পকছ’ আইনৰ অধীনত আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰি ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহিছে।

৫ সন্তানৰ পিতৃ সেই লোকজনে ২০১৮ চনৰ ৪ এপ্ৰিলত এই ঘৃণনীয় ঘটনা সংঘটিত কৰিছিল। আদালতত নিৰ্যাতিত শিশুটিয়ে জনায়, সি ঘৰৰ সমীপত বন্ধুৰ সৈতে খেলি থকাৰ সময়তে অভিযুক্তই ২ টকাৰ প্ৰলোভন দি মাতি নি যৌন নিৰ্যাতন চলায়। অভিযুক্ত স্থানীয় এখন দোকানত মুৰ্গী মাংস বিক্ৰী কৰে। ঘৰলৈ আহি শিশুটিয়ে কান্দিবলৈ ধৰে। মাতৃয়ে সোধা–পোছা কৰাত সকলো বিৱৰি কয় শিশুটিয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।
Published by: Sanjay Kumar Das
First published: February 2, 2021, 9:02 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি