মুখ্যপৃষ্ঠা »খবৰ »দেশ »Mumbai Drug Bust : Cruise Shipত ড্ৰাগছৰ পাৰ্টী, শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আটক এনচিবিৰ!

Mumbai Drug Bust : Cruise Shipত ড্ৰাগছৰ পাৰ্টী, শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আটক এনচিবিৰ!

সূত্ৰ অনুসৰি, আৰয়ান খানক বৰ্তমানো এনচিবিৰ বিষয়াই সোধা–পোছা কৰি আছে, কিন্তু এতিয়ালৈ আনুষ্ঠানিকভাৱে মন্তব্য কৰা নাই।

সূত্ৰ অনুসৰি, আৰয়ান খানক বৰ্তমানো এনচিবিৰ বিষয়াই সোধা–পোছা কৰি আছে, কিন্তু এতিয়ালৈ আনুষ্ঠানিকভাৱে মন্তব্য কৰা নাই।

সূত্ৰ অনুসৰি, আৰয়ান খানক বৰ্তমানো এনচিবিৰ বিষয়াই সোধা–পোছা কৰি আছে, কিন্তু এতিয়ালৈ আনুষ্ঠানিকভাৱে মন্তব্য কৰা নাই।

  • Share this:
বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক আটক এনচিবিৰ। শনিবাৰে সন্ধিয়া নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যূৰ’ (NCB)য়ে মুম্বাইৰ পৰা গোৱাৰ অভিমুখী এখন ক্ৰুজ জাহাজত অভিযান চলাইছিল। এই অভিযানৰ সময়ত জাহাজখনত ড্ৰাগছৰ পাৰ্টী চলি থকাৰ অভিযোগ উঠিছে। সূত্ৰ অনুসৰি, বলীউদৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানকো নাৰ্ক’টিক্ছ কন্ট্ৰ’ল ব্যূৰ’ৱে নিশা মুম্বাইৰ উপকুলত এখন ক্ৰুজ জাহাজত নিচাযুক্ত সামগ্ৰী জব্দ কৰাক লৈ সোধা–পোছা কৰে। সূত্ৰ অনুসৰি, আৰয়ান খানক বৰ্তমানো এনচিবিৰ বিষয়াই সোধা–পোছা কৰি আছে, কিন্তু এতিয়ালৈ আনুষ্ঠানিকভাৱে মন্তব্য কৰা নাই।

মুম্বাইৰ এনচিবিৰ সূত্ৰই News18ক জনায় যে জাহাজখন শনিবাৰে গোৱালৈ ৰাওনা হ’বলৈ লৈছিল। সেই সময়তে এনচিবিৰ দলে জাহাজখনত অভিযানত নামে। সূত্ৰ অনুসৰি, যেতিয়া জাহাজখন মুম্বাইৰ সাগৰৰ পাৰৰ পৰা যাত্ৰা কৰিছিল আরু সাগৰৰ মাজত আছিল, তেতিয়াই পাৰ্টী আৰম্ভ হৈছিল য’ত ড্ৰাগছ সেৱন কৰা হৈছিল। ইয়াৰ পিছতে এনচিবিৰ দলে তালাচী আৰম্ভ কৰে আৰু নিচাযুক্ত সমগ্ৰী সেৱন কৰাসকলক আটক কৰে আৰু সামগ্ৰীসমূহ জব্দ কৰে। এজন বিষয়াই চিএনএন নিউজ১৮ক জনায় যে পাৰ্টীৰ বাবে এজনৰ প্ৰৱেশ মাচুল আছিল ১ লাখ টকা।

শেহতীয়া বাতৰি