আপোনালোকক এই প্লেটফ’ৰ্মত আৰু লগ নাপাম...! Facebook-ত বিদায় লোৱাৰ এদিন পিছতে Covid-19ত চিকিৎসকৰ মৃত্যু

News18 Assam | News18-Assam
Updated:April 21, 2021, 12:10 PM IST
আপোনালোকক এই প্লেটফ’ৰ্মত আৰু লগ নাপাম...! Facebook-ত বিদায় লোৱাৰ এদিন পিছতে Covid-19ত চিকিৎসকৰ মৃত্যু
মহাৰাষ্ট্ৰৰ কেইবাজনো চিকিৎসক ভাইৰাছত আক্ৰান্ত হৈছে আৰু প্ৰায় ১৬৮ জনৰ মৃত্যু হৈছে।

মহাৰাষ্ট্ৰৰ কেইবাজনো চিকিৎসক ভাইৰাছত আক্ৰান্ত হৈছে আৰু প্ৰায় ১৬৮ জনৰ মৃত্যু হৈছে।

  • Share this:
"এয়া মোৰ অন্তিম গুড মৰ্ণিং হ'ব পাৰে। মই আপোনালোকক এই প্লেটফৰ্মত আৰু লগ নাপাওঁ," সোমবাৰে কোভিডৰ ওচৰত মৃত্যু হোৱাৰ আগতে ছেৱাৰী যক্ষ্মা চিকিৎসালয়ৰ ৫১ বছৰীয়া জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ মনীষা যাদৱৰ এয়াই আছিল শেষ ফেচবুক পোষ্ট।

এই মৰ্মন্তুদ ঘটনা সংঘটিত হৈছে মুম্বাইত। ফেচবুকত বিদায় লোৱাৰ এদিন পিছত মুম্বাইৰ এগৰাকী চিকিৎসকৰ কোভিডত মৃত্যু হয়।

দেওবাৰে, তেওঁ ফেচবুকত পোষ্ট কৰে, "হয়তো এয়া শেষ গুড মৰ্ণিং। মই আপোনালোকক এই প্লেটফৰ্মত আৰু লগ নাপাম। সকলোৱে নিজৰ যত্ন লওক। শৰীৰৰ মৃত্যু হয়। আত্মাৰ নহয়। আত্মা অমৰ"।


May be last Good Morning. I may not meet you here on this plateform. Take care all.
Body die. Soul doesnt. Soul is immortal 🙏🙏🙏🙏

Posted by Manisha Jadhav on Saturday, 17 April 2021



ডাঃ মনীষা যাদৱ ক্লিনিকেল আৰু প্ৰশাসনিক দুয়োটা ভূমিকাৰ দ্ৰুত পৰিচালনাৰ বাবে জনাজাত আছিল। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন মতে, চিকিৎসকগৰাকী ৰাজহুৱা স্বাস্থ্য ছেটআপৰ পৰা সংক্ৰমণত মৃত্যু হোৱা প্ৰথম চিকিৎসক।

ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ তথ্য অনুসৰি মহাৰাষ্ট্ৰত প্ৰায় ১৮,০০০ চিকিৎসক কোভিডত আক্ৰান্ত হৈছে আৰু ১৬৮ জনৰ মৃত্যু হৈছে।
First published: April 21, 2021, 12:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি