ক্ৰিকেটাৰ সুৰেশ ৰাইনা সহ কেইবাজনো চেলিব্ৰেটি গ্ৰেপ্তাৰ, ২৪জনৰ বিৰুদ্ধে গোচৰ

News18 Assam | News18-Assam
Updated:December 22, 2020, 4:24 PM IST
ক্ৰিকেটাৰ সুৰেশ ৰাইনা সহ কেইবাজনো চেলিব্ৰেটি গ্ৰেপ্তাৰ, ২৪জনৰ বিৰুদ্ধে গোচৰ
নাইট কাৰ্ফিউৰ সময়ত পাৰ্টি কৰি আছিল এইকেইজনে। জানিব পৰা মতে এই ৩৪জন লোকৰ ভিতৰত বহুকেইজন চেলিব্ৰিটি আছে। সকলোকে আৰক্ষীয়ে অভিযান কালত গ্ৰেপ্তাৰ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে জামিনা লাভ কৰে।

নাইট কাৰ্ফিউৰ সময়ত পাৰ্টি কৰি আছিল এইকেইজনে। জানিব পৰা মতে এই ৩৪জন লোকৰ ভিতৰত বহুকেইজন চেলিব্ৰিটি আছে। সকলোকে আৰক্ষীয়ে অভিযান কালত গ্ৰেপ্তাৰ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে জামিনা লাভ কৰে।

  • Share this:
দেশত ছমাহৰ পিছত মঙলবাৰে কোৰোণা ভাইৰাছৰ ২০হাজাৰৰো অধিক গোচৰ ৰুজু কৰা হয়। অৱশ্যে মুম্বাই সহ কেইবাখনো চহৰত কোৰোণা সংক্ৰমণৰ কাৰণে কঠোৰতা অৱলম্বন কৰা হৈছে। মুম্বাইত ২২ ডিচেম্বৰৰ পৰা নাইট কাৰ্ফিউ জাৰি কৰা হৈছে। ৫জানুৱাৰলৈকে এই কাৰ্ফিউ থাকিব। ইয়াৰ মাজতে মুম্বাই এয়াৰপ’ৰ্টৰ সমীপৰ ড্ৰেগন ফ্লাই নামৰ পাবত আৰক্ষীয়ে (Mumbai Police) অভিযান চলায়। এই সময়চোৱাত ৩৪জন লোকৰ বিৰুদ্ধে কোৰোণা সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰস্তুত কৰা নিয়ম আৰু নাইট কাৰ্ফিউ উলংঘা কৰাৰ গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে এই ৩৪জন লোকৰ মাজত বহুকেইজন চেলিব্ৰিটিও আছে। ইয়াৰ মাজত ক্ৰিকেটৰ সুৰেশ ৰাইনাৰ(Suresh Raina) নামো আছে। সকলোকে গ্ৰেপ্তাৰ কৰা হয় যদিও পৰৱৰ্তী সময়ত তেওঁলোকে জামিন লাভ কৰে।

নিয়ম মতে নিশা ১১বজালৈকে মুম্বাইত ক’ভিড আৰু লকডাউন নিয়মৰ কাৰণে পাব খুলি ৰখাৰ সৰ্বোচ্ছ সময় নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু পাব পুৱা ৪বজালৈকে খোলা আছিল। সেইমতে পাৰ্টি চলি আছিল। এনেকুৱাত আৰক্ষীয়ে অভিযান চলাই ৩৪জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

এই ৩৪জন লোকৰ ভিতৰত ২৭জন পাবৰ গ্ৰাহক আৰু ৭জন ষ্টাফ। আৰক্ষীয়ে নিশা প্ৰায় ২বাজি ৫০মিনিটত পাবত অভিযান চলায়। প্ৰতিবেদন মতে পাৰ্টীত ক্ৰিকেটাৰ সুৰেশ ৰাইনা, গায়ক গুৰু ৰন্ধাৱা সহ বহুকেইজন চেলিব্ৰিটী উপস্থিত আছিল।
First published: December 22, 2020, 4:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি