অনাগত ৫০ বছৰৰ ভিতৰত ভাৰতৰ মানচিত্ৰৰ পৰা বিলুপ্তি ঘটিব পাৰে দেশৰ অৰ্থনৈতিক ৰাজধানীৰূপে পৰিচিত মুম্বাই। কেৱল মুম্বাইয়ে নহয় ভাৰতৰ মানচিত্ৰৰ পৰা নাইকিয়া হোৱাৰ সম্ভাৱনাই দেখা দিছে চেন্নাই, বিশাখাপট্টনম, মাঙ্গালোৰ আৰু কোচি মহানগৰৰ ক্ষেত্ৰতো।
কিন্তু কিয়? ইয়াৰ কাৰণ হৈছে গোলকীয় উষ্ণতা। গোলকীয় উষ্ণতা বৃদ্ধি পোৱাৰ ফলতে হিমালয় পৰ্বতত পূৰ্বৰ তুলনাত অধিক মাত্ৰাত বৰফ গলি সাগৰৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে। ফলশ্ৰুতিত ভাৰতৰ এইকেইখন মহানগৰলৈ নামি আহিছে ব্যাপক ভাবুকি।
মানৱসৃষ্ট প্ৰকৃতিধ্বংসযজ্ঞৰ ফলতে শেহতীয়াভাৱে উত্তৰাখণ্ডৰ যোশীমঠৰ বিপৰ্যয়ে সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিগত সময়ছোৱাত যোশীমঠত উন্নয়নৰ নামত হোৱা পাহাৰখনন আৰু নিৰ্মানকাৰ্যই যোশীমঠক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।
একেদৰে ভাৰতত বৃদ্ধি পোৱা প্ৰদূষণৰ লগতে বিভিন্ন উদ্যোগৰ পৰা বৃদ্ধি পোৱা অত্যাধিক উষ্ণতাই ভয়াৱহ বিপদ মাতিছে এইকেইখন মহানগৰলৈ। ভূতত্ববিদসকলৰ মতে, গোলকীয় ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে শীঘ্ৰেই পদক্ষেপ ন'ললে অনাগত ৫০ বছৰৰ পূৰ্বেই সাগৰৰ বুকুত জাহ যাব ভাৰতৰ এইকেইখন মহানগৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|