মুম্বাইৰ দাদৰত অট্টালিকাত অগ্নিকাণ্ড, ১৫ বছৰীয়া কিশোৰীৰ মৃত্যু

অট্টালিকাটো জুইৰ লেলিহান শিখাৰ মাজতে কিশোৰীগৰাকী আবদ্ধ হৈ পৰে। এই ঘটনাত কিশোৰীগৰাকী থিতাতে নিহত হয়।

news18assam
Updated:May 12, 2019, 6:32 PM IST
মুম্বাইৰ দাদৰত অট্টালিকাত অগ্নিকাণ্ড, ১৫ বছৰীয়া কিশোৰীৰ মৃত্যু
অট্টালিকাটো জুইৰ লেলিহান শিখাৰ মাজতে কিশোৰীগৰাকী আবদ্ধ হৈ পৰে। এই ঘটনাত কিশোৰীগৰাকী থিতাতে নিহত হয়।
news18assam
Updated: May 12, 2019, 6:32 PM IST
মুম্বাইৰ দাদৰত এটা অট্টালিকাত দেওবাৰে দুপৰীয়া হঠাৎ লাগে জুই। অট্টালিকাটো জুইৰ লেলিহান শিখাৰ মাজতে এগৰাকী কিশোৰী আবদ্ধ হৈ পৰে। এই ঘটনাত কিশোৰীগৰাকী থিতাতে নিহত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় কিশোৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

তথ্য অনুসৰি মুম্বাই দাদৰ(পশ্চিম)ৰ দাদৰ আৰক্ষী চকী কম্পাউণ্ডৰ এটা অট্টালিকাত দেওবাৰে হঠাৎ লাগে জুই। জুই লগাৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই। প্ৰাথমিক তদন্ত অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত।

 




বিধ্বংসী অগ্নিকাণ্ডৰ ফলত অট্টালিকাটোত থকা বহু লোক আবদ্ধ হৈ পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় স্থানীয় লোকৰ সহযোগত লোককেইজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কিন্তু জুইৰ মাজতে আবদ্ধ হৈ পৰা এগৰাকী কিশোৰী থিতাতে নিহত হয়।

আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাইছিল যদিও চিকিত্‍সকে মৃত ঘোষণা কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি