মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»১ আগষ্টৰ দিনটো 'মুছলমান মহিলা অধিকাৰ দিৱস' ৰূপে উদযাপন কৰা হ'বঃ কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি

১ আগষ্টৰ দিনটো 'মুছলমান মহিলা অধিকাৰ দিৱস' ৰূপে উদযাপন কৰা হ'বঃ কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি

News18 Assam | News18-Assam
Updated:July 31, 2021, 8:42 PM IST
১ আগষ্টৰ দিনটো 'মুছলমান মহিলা অধিকাৰ দিৱস' ৰূপে উদযাপন কৰা হ'বঃ কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি
২০১৯ চনৰ জুলাই মাহত সংসদৰ দুয়োখন সদনে মুছলমান মহিলা অধিকাৰ সুৰক্ষা বিধেয়ক গৃহীত কৰে।

২০১৯ চনৰ জুলাই মাহত সংসদৰ দুয়োখন সদনে মুছলমান মহিলা অধিকাৰ সুৰক্ষা বিধেয়ক গৃহীত কৰে।

  • Share this:

কেন্দ্ৰীয় চৰকাৰে "তিনি তালাক" অপৰাধ হিচাপে ঘোষণা কৰাৰ দিন ১ আগষ্ট "মুছলমান মহিলা অধিকাৰ দিৱস" (Muslim Women Rights Day) হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য, দুবছৰ পূৰ্বে ১ আগষ্ট, ২০১৯ তাৰিখে "তিনি তালাক" (Triple Talaq) আইনীভাৱে অপৰাধমূলক ৰূপে বিবেচিত হৈছিল।


কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নকভিয়ে (Mukhtar Abbas Naqvi) আজি এই সম্পৰ্কে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ১ আগষ্ট, ২০১৯ত "তিনি তালাক বা তালাকে বিদ্দত" আইনী অপৰাধ ঘোষণা কৰিছিল।


কেন্দ্ৰীয় মন্ত্ৰী নকভিয়ে লগতে কয় যে "তিনি তালাক" আইনী অপৰাধ ৰূপে পৰিগণিত হোৱাৰ পিছত দেশত তিনি তালাকৰ ঘটনা বৃহৎ পৰিমাণে হ্ৰাস পাইছে। ইয়াক সমগ্ৰ দেশৰ মুছলমান মহিলাসকলে আদৰণি জনাইছে।



গতিকে কাইলৈ ১ আগষ্টৰ দিনটো "মুছলমান মহিলা অধিকাৰ দিৱস" সমগ্ৰ দেশৰ বিভিন্ন সংগঠনে পালন কৰিব। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীয়ে কাইলৈ ১ আগষ্টত নতুন দিল্লীত "মুছলমান মহিলা অধিকাৰ দিৱস"ত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত উপস্থিত থকাৰ লগতে মুখতাৰ আব্বাছ নকভি আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দৰ যাদৱ উপস্থিত থাকিব।


উল্লেখ্য যে ২০১৯ চনৰ জুলাই মাহত সংসদৰ দুয়োখন সদনে মুছলমান মহিলা অধিকাৰ সুৰক্ষা বিধেয়ক গৃহীত কৰে আৰু ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ১ আগষ্ট ২০১৯ত বিধেয়কখনত অনুমোদন জনাইছিল। ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পিছৰে পৰা তিনি তালাক আইনী অপৰাধ হিচাপে নথিভুক্ত কৰা হৈছে।

Published by: Gautam Barman
First published: July 31, 2021, 8:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি