এণ্টাৰপ্ৰাইজ আৰু লীডাৰশ্বিপ ক্ষেত্ৰৰ ১৭টা শিতানত প্ৰদান কৰা হয় বঁটা
এণ্টাৰপ্ৰাইজ আৰু লীডাৰশ্বিপ ক্ষেত্ৰৰ ১৭টা শিতানত প্ৰদান কৰা হয় বঁটা
দেশৰ কৰ্পৰেট চেক্টৰৰ সকলোতকৈ ডাঙৰ এৱাৰ্ড শ্ব’– ‘CNBC TV18 ইণ্ডিয়া বিজনেচ লীডাৰ্চ এৱাৰ্ড’ শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত হয়। অনুষ্ঠানত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীলৈ দশক জোৰা আইকনিক বিজনেচমেনৰ সন্মান আগবঢ়োৱা হয়।
এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শশীকান্ত দাস সহ দেশৰ কৰ্পৰেট খণ্ডৰ বহু গণ্য–মান্য ব্যক্তি।
অনুষ্ঠানত উপস্থিত থাকি আবেগিক হৈ পৰে মুকেশ আম্বানী। কয় যে, ‘মোৰ কাৰণে আইকনিক ব্যক্তি হ’ল মোৰ দেউতা। তেখেতেই মোক ডাঙৰ সপোন দেখিবলৈ শিকিবলৈ। তেখেতে ৰিলায়েঞ্চকলৈ ডাঙৰ সপোন দেখিছিল। ভাৰতকলৈ ডাঙৰ সপোন দেখিছিল।’
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|