• Home
  • »
  • News
  • »
  • nation
  • »
  • লালবাগৰ ৰজাৰ দৰবাৰত সপৰিয়ালে মুকেশ আম্বানী

লালবাগৰ ৰজাৰ দৰবাৰত সপৰিয়ালে মুকেশ আম্বানী

Photo Courtesy: ANI

Photo Courtesy: ANI

মহাৰাষ্ট্ৰত ১০ দিন ধৰি পালন হয় গণেশ উৎসৱ। ইয়াৰ মাজতে বৃহস্পতিবাৰে মুম্বাইৰ প্ৰসিদ্ধ লালবাগৰ ৰজাৰ দৰ্শনলৈ গৈছিল আম্বানী পৰিয়াল। প্ৰায় ১৫ মিনিট সময় লালবাগৰ প্ৰতিমাৰ দৰ্শন কৰে মুকেশ আম্বানীয়ে। পৰিয়ালৰ সৈতে আৰতি কৰে তেওঁ।

  • Share this:
মুম্বাইৰ বিখ্যাত গণেশ পূজা লালবাগৰ ৰজাৰ পেণ্ডেলত সপৰিয়ালে দেখা গ’ল মুকেশ আম্বানীক। বিসৰ্জনৰ এদিন পূৰ্বে লালবাগৰ পূজাত উপস্থিত হয় আম্বানী পৰিয়ালৰ সদস্যসকল। মুকেশ আম্বানীৰ সৈতে আছিল মাতৃ কোকিলাবেন আম্বানী আৰু পত্নী নীতা আম্বানী। লালবাগৰ ৰজাৰ দৰবাৰত উপস্থিত আছিল আম্বানীৰ দুই পুত্ৰ–কন্যা আকাশ আৰু ঈশাও।

মহাৰাষ্ট্ৰত ১০ দিন ধৰি পালন হয় গণেশ উৎসৱ। ইয়াৰ মাজতে বৃহস্পতিবাৰে মুম্বাইৰ প্ৰসিদ্ধ লালবাগৰ ৰজাৰ দৰ্শনলৈ গৈছিল আম্বানী পৰিয়াল। প্ৰায় ১৫ মিনিট সময় লালবাগৰ প্ৰতিমাৰ দৰ্শন কৰে মুকেশ আম্বানীয়ে। পৰিয়ালৰ সৈতে আৰতি কৰে তেওঁ।



মুকেশ আম্বানী অহাৰ খবৰ পোৱাৰ পিছতে বিশেষ সতৰ্কতা অৱলম্বন কৰা হয় লালবাগ ৰজাৰ পেণ্ডেল চৌহদত। মোতায়েন কৰা হয় বিশেষ নিৰাপত্তাৰক্ষী। লালবাগৰ ৰজাৰ দৰ্শনৰ বাবে সাধাৰণতে দুটা লাইনত ভিৰ কৰে দৰ্শণাৰ্থীসকলে। লাখ লাখ ভক্তই মনোকামনা পূৰণৰ কামনাৰে ভিৰ কৰে লালবাগৰ ৰজাৰ দৰবাৰত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি