ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মুকেশ আম্বানীয়ে যোৱা ১২ বছৰ ধৰি নিজৰ দৰমহা বৃদ্ধি কৰা নাই। যোৱা ১২ বছৰ ধৰি বাৰ্ষিক ১৫ কোটি টকা দৰমহা লৈ আহিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষগৰাকীয়ে। ইয়াৰ মাজতে কোৰোণা ভাইৰাছৰ সংক্ৰমণলৈ চাই যোৱা ৩১ মাৰ্চত এই দৰমহাও নোলোৱাৰ সিদ্ধান্ত ঘোষণা কৰে।
২০০৮-০৯ বিত্তীয় বৰ্ষৰ পৰা মুকেশ আম্বানীয়ে নিজৰ দৰমহা ১৫ কোটিকৈ লৈ আহিছে। কিন্তু একে সময়তে অন্যান্য প্ৰতিষ্ঠানৰ মুৰব্বীয়ে বৃদ্ধি কৰিছে নিজৰ দৰমহা। তাৰে ভিতৰত নিজৰ সম্বন্ধীয় নিখিল, হিটাল মেছৱানীয়ে বিত্তীয় বৰ্ষৰ শেষত বৃদ্ধি কৰিছে নিজৰ দৰমহা।