বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / UP Investors Summit : 5Gৰ পৰা পুনৰ নবীকৰণযোগ্য শক্তিলৈ, ইউ পি ইনভেষ্টৰ ছামিটত মুকেশ আম্বানীয়ে জনালে এই পৰিকল্পনাৰ কথা

UP Investors Summit : 5Gৰ পৰা পুনৰ নবীকৰণযোগ্য শক্তিলৈ, ইউ পি ইনভেষ্টৰ ছামিটত মুকেশ আম্বানীয়ে জনালে এই পৰিকল্পনাৰ কথা

UP Investors Summit : 5Gৰ পৰা পুনৰ নবীকৰণযোগ্য শক্তিলৈ, ইউ পি ইনভেষ্টৰ ছামিটত মুকেশ আম্বানীয়ে জনালে এই পৰিকল্পনাৰ কথা

শুকুৰবাৰে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

  • News18 Assam Uttar Pradesh
  • Last Updated :
News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

“উত্তৰ প্ৰদেশ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হৈ পৰিছে। ৰাজ্যখনত আইন-শৃংখলাৰ পৰা আন্তঃগাঁথনিলৈ এক দৃষ্টান্তমূলক পৰিৱৰ্তন হৈছে। এতিয়া ব্যৱসায় কৰাটো সহজ।” ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে উত্তৰ প্ৰদেশ ইনভেষ্টৰ ছামিট ২০২৩ত ক’লে এই কথা।

শুকুৰবাৰে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। মুকেশ আম্বানীয়ে কয়, ‘‘উত্তৰ প্ৰদেশ ভাৰতৰ বাবে আশাৰ পোহৰ হৈ পৰিছে। ঠিক যেনেদৰে ভাৰতে সমগ্ৰ বিশ্বৰ বাবে আশাৰ পোহৰ বিয়পাই আছে।’’

বিজ্ঞাপন

শেহতীয়া কেন্দ্ৰীয় বাজেটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি মুকেশ আম্বানীয়ে কয়, ‘‘এই বছৰৰ বাজেটে সঁচাকৈয়ে এখন উন্নত দেশ হিচাপে ভাৰতৰ উত্থানৰ ভেটি স্থাপন কৰিছে। সৰ্বাধিক কেপেক্স আবণ্টন বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত অৰ্থনৈতিক বিকাশ আৰু অধিক সমাজ কল্যাণ হ’ব।’’

ৰিলায়েন্সৰ অধ্যক্ষগৰাকীয়ে তেওঁৰ বিশ্বাসৰ আঁৰত চাৰিটা মুখ্য কাৰণ উল্লেখ কৰে। আম্বানীৰ মতে, ‘‘প্ৰথমতে ভাৰতীয়সকলে যি হাৰত প্ৰযুক্তিৰ সৈতে অধিক জড়িত হৈ আছে, প্ৰথম বিশ্বতো এয়া দেখা নাযায়। দ্বিতীয়তে, ভাৰতৰ জনসংখ্যাৰ গড় বয়স বিশ্বৰ ভিতৰত সৰ্বনিম্ন। বেছিভাগেই যুৱক–যুৱতী। তৃতীয়তে, প্ৰধানমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্ব। আঞ্চলিকতাবাদ লাহে লাহে নাইকীয়া হৈ আহিছে। উত্তৰ প্ৰদেশ ইয়াৰ এক উজ্জ্বল উদাহৰণ। চতুৰ্থ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, আপুনি ৰাষ্ট্ৰৰ মানসিকতাত এক মৌলিক পৰিৱৰ্তন আনিছে। সাধাৰণ মানুহৰ মনত আশাবাদ আছে।’’

ইনভেষ্টৰ ছামিটত মুকেশ আম্বানীয়ে উত্তৰ প্ৰদেশৰ বাবে ৰিলায়েন্সৰ হৈ কেইবাটাও প্ৰতিশ্ৰুতি দিয়ে। আম্বানীয়ে কয়, ‘‘প্ৰথমতে, জিঅ’ই ২০২৩ চনৰ শেষৰ ফালে ৰাজ্যখনৰ প্ৰতিখন চহৰ আৰু গাঁও কভাৰ কৰিবলৈ ৫জি ৰ’লআউট সম্পূৰ্ণ কৰিব। দ্বিতীয়তে, ৰিলায়েন্স ৰিটেইলে সমগ্ৰ উত্তৰ প্ৰদেশত হাজাৰ হাজাৰ দোকান খুলিবলৈ গৈ আছে। ই উপাৰ্জন বৃদ্ধি কৰিব। তৃতীয়তে, উত্তৰ প্ৰদেশত সম্পূৰ্ণ উৎসাহেৰে আমি ১০ গিগাৱাট নৱীকৰণযোগ্য শক্তি ক্ষমতা স্থাপন কৰিম। চতুৰ্থতে, ৰিলায়েন্স ফাউণ্ডেচনে প্ৰধানমন্ত্ৰীৰ নমামি গংগা মিছনৰ সফলতাত অৰিহণা যোগাইছে।’’

বিজ্ঞাপন

লগতে আম্বানীয়ে কয়, ‘‘আমি উত্তৰ প্ৰদেশত ৬০,০০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছো। ই প্ৰায় ১ লাখ চাকৰি সৃষ্টি কৰিব।’’ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশ গ্ল’বেল ইনভেষ্টৰ ছামিটৰ উদ্বোধন কৰে। এই সন্মিলনৰ উদ্দেশ্য হৈছে ব্যৱসায়ৰ সুযোগ সৃষ্টি কৰা, অংশীদাৰিত্ব গঢ়ি তোলা, নীতি নিৰ্ধাৰণ কৰা, থিংক টেংক আৰু উদ্যোগপতিসকলক একত্ৰিত কৰা।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন