টাইম মেগাজিনৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মুকেশ আম্বানী

প্ৰতিষ্ঠিত আলোচনীখনৰ সমীক্ষাত ২০১৯ চনৰ ১০০ গৰাকী প্ৰভাৱশালী বাক্তিৰ তালিকাত ৩গৰাকী ভাৰতীয়

news18assam
Updated:April 18, 2019, 5:00 PM IST
টাইম মেগাজিনৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মুকেশ আম্বানী
ফাইল ফটো(RIL)
news18assam
Updated: April 18, 2019, 5:00 PM IST
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীক টাইম মেগাজিনে ২০১৯ চনৰ বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান দিছে। বুধবাৰে প্ৰকাশ কৰা তালিকাত মুকেশ আম্বানীসহ ৩ গৰাকীৰ ভাৰতীয়ৰ নাম টাইম মেগাজিনে প্ৰকাশ কৰিছে। মুকেশ আম্বানীৰ সৈতে এই তালিকাত স্থান লাভ কৰিছে অৰুন্ধতি কাটজু আৰু মেনকা গুৰুস্বামীয়ে। এই তালিকাত ভাৰতীয়–আমেৰিকাৰ কমেডিয়ান আৰু টিভি হোষ্ট হছন মিনহাজ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’৸নাল্ড ট্ৰাম্প, পোপ ফ্ৰাঞ্চিচ, চীনৰ ৰাষ্ট্ৰপতি ছী জিনপিং, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান, প্ৰতিষ্ঠিত গল্ফাৰ টাইগাৰ উদছ্ আৰু ফেচবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গ।
আৰু চাওক পৰৱৰ্তী বাতৰি