ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানিয়ে অন্ধ্ৰ প্ৰদেশৰ তিৰুমলা ভেংকটেশ্বৰ মন্দিৰ পৰিচালনা কৰা স্বতন্ত্ৰ ট্ৰাষ্ট তিৰুমালা তিৰুপতি দেৱস্থানলৈ ১.৫ কোটি টকা অনুদান আগবঢ়াইছে। তিৰুমলাৰ ৰঙানায়াকুলা মণ্ডপামত আম্বানিয়ে টিটিডিৰ কাৰ্যবাহী বিষয়া এ ভি ধৰ্ম ৰেড্ডীক এই ধন অৰ্পণ কৰে।
আম্বানিয়ে তিৰুমালা তিৰুপতি মন্দিৰত ভগৱান ভেংকটেশ্বৰক প্ৰাৰ্থনা জনাই তিৰুমলাস্থিত এছ ভি গোশালাত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত সাংসদ গুৰুমূৰ্তী, বিজয়সাই ৰেড্ডী, চন্দ্ৰগিৰিৰ বিধায়ক চি ভাস্কৰ ৰেড্ডীও উপস্থিত থাকে।
![]()
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আম্বানিয়ে কয় যে তেওঁ তিৰুমালালৈ আহি অতি আনন্দিত হোৱাৰ লগতে ভেংকটেশ্বৰ স্বামীৰ ওচৰত সকলোকে আশীৰ্বাদ কৰিবলৈ প্ৰাৰ্থনা জনাইছে।
উল্লেখ্য, তিৰুমালা তিৰুপতি মন্দিৰত শ্ৰীৱৰী ব্ৰহ্মোৎসৱ ২৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আৰু ৫ অক্টোবৰলৈকে চলিব। ক’ৰোনা মহামাৰীৰ বাবে দুবছৰৰ ব্যৱধানৰ অন্তত অনুষ্ঠিতব্য এই অনুষ্ঠানৰ সকলো ব্যৱস্থা কৰি আছে দেৱস্থানে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|