বিশ বছৰ পূৰ্বে মুকেশ আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক হিচাপে দায়িত্ব লৈছিল। কোম্পানীটোৰ নেতৃত্ব লোৱাৰ পিছত আৰম্ভ হোৱা সফলতাৰ ধাৰা আজিও অব্যাহত আছে। মুকেশ আম্বানীয়ে ৰিলায়েন্সৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা কোম্পানীটোৱে বিগত দুটা দশকত ৰাজহ আৰু লাভৰ লগতে বজাৰ মূলধনৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে দুটা সংখ্যাৰ বৃদ্ধি লাভ কৰিছে। এই ২০ বছৰৰ ভিতৰত কোম্পানীটোৰ লাভ ২০ গুণ বৃদ্ধি পোৱাৰ বিপৰীতে বজাৰ মূলধন ৪২ গুণ বৃদ্ধি পাইছে।
মুকেশ আম্বানীৰ উজ্জ্বল ব্যৱসায়িক ব্যৱস্থাপনা শৈলীয়ে ৰিলায়েন্সক প্ৰতিষ্ঠিত ৰূপত ৰূপান্তৰিত কৰাই নহয়, বিনিয়োগকাৰীসকলেও তেওঁৰ নেতৃত্বৰ পৰা বহুখিনি লাভৱান হৈছে। ৮৭ হাজাৰ কোটি টকাৰ হিচাপত প্ৰতি বছৰে বিনিয়োগকাৰীয়ে লাভ কৰিছে ১৭.৪ লাখ কোটি টকা। এই সময়ত ৰিলায়েন্সে বিশ্বৰ বৃহৎ কোম্পানীসমূহৰ পৰা বিনিয়োগ লাভ কৰিছে। ফেচবুক, গুগল আৰু বিপিৰ দৰে গ্ল’বেল ফাৰ্মে ৰিলায়েন্সত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে।
দেশৰ বৃহৎ কোম্পানীটোৰ সফলতাৰ কাহিনীৰ বহু অধ্যায় ৰচনা কৰিছে মুকেশে। পেট্ৰলিয়ামৰ পৰা যাত্ৰা আৰম্ভ কৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজে টেলিকম আৰু খুচুৰা খণ্ডতো যথেষ্ট সফলতা অৰ্জন কৰিছে। আম্বানীয়েই প্ৰথমে ডাটাক ‘নতুন তেল’ বুলি অভিহিত কৰিছিল। জিঅ’ ডাটায়ে দেশৰ সাধাৰণ মানুহৰ জীৱন সম্পূর্ণৰূপে সলনি কৰি পেলাইছে৷
কেৱল দেশৰ নহয়, বিশ্বৰ অন্যতম বৃহৎ টেলিকম কোম্পানী জিঅ’ প্ৰতিষ্ঠা কৰিছিল মুকেশ আম্বানীয়ে। অতি কম সময়ৰ ভিতৰতে জিঅ’ই বহুখিনি অৰ্জন কৰিছে। ডিজিটেল জগতত ই যি ধৰণে আগবাঢ়িছে, সেইটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। এতিয়া সৰ্বাধিক ডিজিটেল লেনদেনৰ অভিলেখ ভাৰতৰ হাতত আছে। পথৰ কাষৰ বিক্ৰেতাৰ পৰা আৰম্ভ কৰি পাঁচ তাৰকাযুক্ত হোটেললৈকে সকলোতে ডিজিটেল পেমেণ্টৰ সুবিধা এতিয়া উপলব্ধ। ইয়াৰ বাবে চৰকাৰে বহু প্ৰচেষ্টা চলাইছে যদিও ৰিলায়েন্স জিঅ’ৰো এটা ডাঙৰ হাত আছে। RIL য়ে প্ৰকাশ কৰা অনুসৰি আগতে ২৫০ টকা খৰচ হোৱা ১জিবি ডাটা জিঅ’ৰ আগমনৰ পিছত প্ৰায় ১০ টকালৈ নামি আহিছে। ২০১৬ চনলৈকে ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে ১৫০ নম্বৰ স্থান লাভ কৰিছিল। এতিয়া ই সকলো দেশক অতিক্ৰম কৰি এক নম্বৰত স্থান লাভ কৰিছে।
খুচুৰা খণ্ডত ৰিলায়েন্সে বিশ্বৰ বৃহৎ কোম্পানীসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। অনলাইনৰ পৰা অফলাইন, খুচুৰা আৰু গ্ৰাহক আদিলৈকে মুকেশ আম্বানীৰ নেতৃত্বত ৰিলায়েন্সে নিজৰ স্থিতি সুদৃঢ় কৰি তুলিছে। আমাজন, ফ্লিপকাৰ্ট আৰু ৱালমাৰ্টৰ দৰে কোম্পানীয়ে ৰিলায়েন্সক নিজৰ প্ৰতিযোগী হিচাপে বিবেচনা কৰিছে। ৰিলায়েন্স ৰিটেলে দ্ৰুত গতিত ষ্ট’ৰৰ সংখ্যা বৃদ্ধি কৰিছে। যোৱা বছৰ কোম্পানীটোৱে প্ৰতিদিনে গড়ে সাতটা নতুন ষ্ট’ৰ খোলাৰ ৰেকৰ্ড গঢ়িছিল। ৰাজহৰ ক্ষেত্ৰত ৰিলায়েন্স ৰিটেইল দেশৰ এক নম্বৰ খুচুৰা কোম্পানী।
এই সফলতাৰ পিছতো মুকেশ আম্বানী আৰু আগুৱাই যাবলৈ সাজু। তেওঁ ৰিলায়েন্সৰ ভৱিষ্যতৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। নতুন শক্তিৰ বাবে ৭৫ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে জামনগৰত এটা নতুন গিগা কাৰখানা স্থাপন কৰা হৈছে। সৌৰশক্তি আৰু সেউজ হাইড্ৰজেনৰ ক্ষেত্ৰতো ৰিলায়েন্সে অতি দ্ৰুতগতিত কাম কৰি আছে।
Published by: Subham Goswami
FIRST PUBLISHED : December 29, 2022, 03:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।