আজিৰ দিনটোতে ভাৰতবৰ্ষত ২৫ বছৰ পূৰ্বে প্ৰথমবাৰলৈ মোবাইল ফোন ব্যৱহাৰ কৰা হৈছিল।
আজিৰ দিনটোতে ভাৰতবৰ্ষত ২৫ বছৰ পূৰ্বে প্ৰথমবাৰলৈ মোবাইল ফোন ব্যৱহাৰ কৰা হৈছিল।
আজিৰ দিনটোতে ভাৰতবৰ্ষত ২৫ বছৰ পূৰ্বে প্ৰথমবাৰলৈ মোবাইল ফোন ব্যৱহাৰ কৰা হৈছিল। আজিৰ এই শুভক্ষণত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে দেশৰ টেলি কমিউনিকেশ্যন আৰু COAIক শুভেচ্ছা জনায়। মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰত দেশে ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়াৰ সময়তে ‘দেশ কী ডিজিটেল উড়ান’চেচনত দেশৰ টেলিকম মন্ত্ৰী ৰবি শংকৰ প্ৰসাদলৈ বিশেষ পত্ৰ লিখে মুকেশ আম্বানীয়ে।
ৰিয়ালেন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে ভাৰতবৰ্ষক 2G মুক্ত কৰাৰ পোষকতা কৰে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষগৰাকীয়ে কয় যে, ভাৰতত এতিয়াও ৩০ কোটি লোকে 2G ব্যৱহাৰ কৰি আছে। ফলত তেওঁলোক ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ আছে। গতিকে 2G মুক্ত ভাৰত নিৰ্মাণৰ বাবে চৰকাৰক শীঘ্ৰে বিশেষ পলিচী ৰূপায়ন কৰিবলৈ আহ্বান জনালে মুকেশ আম্বানীয়ে।
মুকেশ আম্বানীয়ে কয় য়ে, যি সময়ত ভাৰতবৰ্ষত 5G সেৱা আৰম্ভ হোৱাৰ পথত, তেনে সময়ত দেশৰ ৩০ কোটি লোকে এতিয়াও 2G ব্যৱহাৰ কৰি আছে। ব্যৱহাৰ কৰা ফিচাৰ ফোনে তেওঁলোকক ইণ্টাৰনেটৰ পৰা দূৰত ৰাখিছে। গতিকে এই দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আহি পৰিছে। এনেবোৰ কাৰণতে ভাৰতীয় লোকে ডিজিটেল ৰিভন্যুশ্যনৰ সম্পূৰ্ণ সুবিধাৰ পৰা বঞ্চিত হৈ আছে।’
ৰিলেয়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন গৰাকীয়ে লগতে কয় যে, আমাৰ ডিজিটেল প্লেটফৰ্ম আৰু সহযোগীসকলৰ এডভান্স সেৱাই বহু ক্ষেত্ৰত সহায় কৰিব। যাৰ ফলত কৃষক,ক্ষুদ্ৰ ব্যৱসায়ী, গ্ৰাহক, ছাত্ৰ-ছাত্ৰী, শিক্ষক, হেল্থ কেয়াৰ কৰ্মী, ইন্যোভেটৰ লাভান্বিত হ’ব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|