• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানী ২০০৮ৰ পৰা ধাৰাবাহিকভাৱে দেশৰ আটাইতকৈ ধনী ব্যক্তি, গৌতম আদানী দ্বিতীয় স্থানত

ৰিলায়েঞ্চৰ অধ্যক্ষ মুকেশ আম্বানী ২০০৮ৰ পৰা ধাৰাবাহিকভাৱে দেশৰ আটাইতকৈ ধনী ব্যক্তি, গৌতম আদানী দ্বিতীয় স্থানত

মুকেশ আম্বানীয়ে নিজৰ সম্পত্তিত ৪ আৰব ডলাৰ বৃদ্ধি কৰিছে। মুকেশ আম্বানীৰ সম্পত্তি প্ৰায় ৯৩ বিলিয়ন ডলাৰ বুলি প্ৰকাশ কৰা হৈছে।

মুকেশ আম্বানীয়ে নিজৰ সম্পত্তিত ৪ আৰব ডলাৰ বৃদ্ধি কৰিছে। মুকেশ আম্বানীৰ সম্পত্তি প্ৰায় ৯৩ বিলিয়ন ডলাৰ বুলি প্ৰকাশ কৰা হৈছে।

মুকেশ আম্বানীয়ে নিজৰ সম্পত্তিত ৪ আৰব ডলাৰ বৃদ্ধি কৰিছে। মুকেশ আম্বানীৰ সম্পত্তি প্ৰায় ৯৩ বিলিয়ন ডলাৰ বুলি প্ৰকাশ কৰা হৈছে।

  • Share this:
দেশৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত প্ৰথম স্থান অধিকাৰ কৰিছে ৰিলায়েঞ্চ (RIL)ৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। ফৰ্বছৰ ২০২১ৰ তালিকা (Forbes Rich List 2021) অনুসৰি, মুকেশ আম্বানী ২০০৮ বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে ভাৰতীয় আৰবপতিৰ তালিকাত প্ৰথম স্থানত আছে। মুকেশ আম্বানীয়ে নিজৰ সম্পত্তিত ৪ আৰব ডলাৰ বৃদ্ধি কৰিছে। মুকেশ আম্বানীৰ সম্পত্তি প্ৰায় ৯৩ বিলিয়ন ডলাৰ বুলি প্ৰকাশ কৰা হৈছে।

মুকেশ আম্বানীৰ পিছত গৌতম আদানী ৭৪.৮ বিলিয়ন ডলাৰৰ সম্পত্তিৰ সৈতে দ্বিতীয় স্থানত আছে। আনহাতে, এইচচিএল টেকন’লজী (HCL tech)ৰ প্ৰতিষ্ঠাপক শিৱ নাডাৰ ৩১ বিলিয়ন আৰব ডলাৰৰ সৈতে তৃতীয় স্থানত আছে। ফৰ্বছৰ ৰিপ’ৰ্ট মতে, কোৰোণা মহামাৰীৰ দ্বিতীয় বৰ্ষত ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিসকলে নিজৰ সম্পত্তি ৫০ শতাংশ বৃদ্ধি কৰিছে।

১০০ সৰ্বাধিক ধনী ব্যক্তিৰ সম্পত্তি এতিয়া ৭৭৫ আৰব ডলাৰ

কোভিড–১৯ৰ দ্বিতীয় ঢৌৰ পৰা ভাৰতৰ ৰিক’ভাৰীয়ে বিশ্বৰ ষষ্ঠ সৰ্ববৃহৎ অৰ্থব্যৱস্থাত বিনিয়োগকাৰীৰ বিশ্বাস অটুট ৰাখিছে। নতুন শিখৰ স্পৰ্শ কৰি বেঞ্চমাৰ্ক ছেনছেক্স এবছৰ পূৰ্বৰ তুলনাত ৫২ শতাংশ বৃদ্ধি পাইছে। ইয়াৰ পৰিণামস্বৰূপে দেশৰ ১০০ আটাইতকৈ ধনী ব্যক্তি ইমানেই ধনী হৈ গৈছে যে যিটো তেওঁলোক পূৰ্বতে নাছিল। বিগত ১২ মাহত ৫০ শতাংশ বৃদ্ধিৰে ২৫৭ বিলিয়ন ডলাৰৰ উপাৰ্জন বৃদ্ধিৰ পিছত তেওঁলোকৰ সম্পত্তি সামূহিকভাৱে ৭৭৫ বিলিয়ন ডলাৰৰ ৰেকৰ্ড মূল্যত উপনীত হৈছে। এতিয়া ভাৰতৰ ১০০ আটাইতকৈ ধনী ব্যক্তিৰ সম্পত্তি ৭৭৫ ডলাৰ।

তালিকাত লক্ষ্মী মিট্টাল আৰু উদয় কোটাকো অন্তৰ্ভুক্ত

ফৰ্বছৰ ৰিপ’ৰ্ট মতে, এই তালিকাত তৃতীয় স্থান ৩১ বিলিয়ন ডলাৰৰ সম্পত্তিৰ সৈতে শিৱ নাডাৰে দখল কৰিছে। চতুৰ্থ স্থানত আছে ডিমাৰ্টৰ ৰাধাকৃষ্ণ দমানী যাৰ সম্পত্তিৰ পৰিমাণ ২৯.৪ বিলিয়ন ডলাৰ। সম্পত্তি অনুসৰি, ধনী ব্যক্তিৰ শীৰ্ষ ১০ৰ ভিতৰত লক্ষ্মী মিট্টাল আৰু উদয় কোটাকো আছে।

এই তালিকাত পঞ্চম স্থানত আছে ছাইৰাছ পুনাৱালা (১৯ বিলিয়ন ডলাৰ), ষষ্ঠ স্থানত লক্ষ্মী মিট্টাল (১৮.৮ বিলিয়ন ডলাৰ), সপ্তম স্থানত সাৱিত্ৰী জিন্দাল (১৮ বিলিয়ন ডলাৰ), অষ্টম স্থানত উদয় কোটাক (১৬.৬ বিলিয়ন ডলাৰ), নৱম স্থানত পালনজী মিস্ত্ৰী (১৬.৪ বিলিয়ন ডলাৰ) আৰু দশম স্থানত আছে কুমাৰ বিৰলা (১৫.৮ বিলিয়ন ডলাৰ)।
Published by:Sanjay Kumar Das
First published: