সন্ধিয়া মোদীৰ শপতগ্ৰহণ, ৮০০০ অতিথিৰ সৈতে উপস্থিত থাকিব আম্বানী–টাটা

News18-Assam
Updated:May 30, 2019, 3:17 PM IST
সন্ধিয়া মোদীৰ শপতগ্ৰহণ, ৮০০০ অতিথিৰ সৈতে উপস্থিত থাকিব আম্বানী–টাটা
দেশবাসীৰ বিপুল সমৰ্থনেৰে পুনৰ দিল্লীৰ মছনদ দখল কৰিলে বিজেপিয়ে। আজি সন্ধিয়া পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে।

দেশবাসীৰ বিপুল সমৰ্থনেৰে পুনৰ দিল্লীৰ মছনদ দখল কৰিলে বিজেপিয়ে। আজি সন্ধিয়া পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে।

  • Share this:
দেশবাসীৰ বিপুল সমৰ্থনেৰে পুনৰ দিল্লীৰ মছনদ দখল কৰিলে বিজেপিয়ে। আজি সন্ধিয়া পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি ভৱনৰ ফ’ৰক’ৰ্টত হ’ব শপতগ্ৰহণ অনুষ্ঠান। এই শপতগ্ৰহণ অনুষ্ঠানৰ অতিথি হ’ব কেইবাখনো দেশৰ ৰাষ্ট্ৰপ্ৰধান। উপস্থিত থাকিব ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীও। দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালসকলো উপস্থিত থাকিব মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত। মুঠ ৮০০০ অতিথিৰ আগত পদ আৰু গোপনীয়তাৰ শপত ল’ব মোদীয়ে।

মোদীৰ শপতগ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ক্ৰীড়া, ছবি জগতৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ ৰথী–মহাৰথীসকলকো। দেশৰ বিশিষ্ট উদ্যোগপতিসকলকো দিয়া হৈছে নিমন্ত্ৰণী পত্ৰ। নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ ৰক্ষা কৰি শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুকেশ আম্বানী, ৰতন টাটা, এন চন্দ্ৰ, উদয় কোটাক, আনন্দ মহিন্দ্ৰা, সজ্জন জিন্দাল, দীপক পাৰেশ, অনিল আগৰৱালা, অজয় পিৰামলৰ দৰে দেশৰ বিশিষ্ট উদ্যোগপতিসকল।
First published: May 30, 2019, 3:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading