ভয়ংকৰ বিপদৰ আগজাননী! ২০৫০ চনত ডুবিব মুম্বাই–কলকাতা, ৩.৫ কোটি লোকলৈ বিপদৰ আশংকা!

নাছাৰ ছাটল ৰাডাৰ টপ’গ্ৰাফী মিছনৰ জৰিয়তে কৰা অধ্যয়নৰ পৰা এই তথ্য লাভ কৰা হৈছে যে ২০৫০ চনলৈ সাগৰৰ জলস্তৰ ইমানেই বৃদ্ধি পাব যে ভাৰতৰ মুম্বাই, নবী মুম্বাই আৰু কলকাতাৰ দৰে মহানগৰো চিৰদিনলৈ জলমগ্ন হৈ পৰিব পাৰে।

News18-Assam
Updated:October 31, 2019, 12:52 PM IST
ভয়ংকৰ বিপদৰ আগজাননী! ২০৫০ চনত ডুবিব মুম্বাই–কলকাতা, ৩.৫ কোটি লোকলৈ বিপদৰ আশংকা!
নাছাৰ ছাটল ৰাডাৰ টপ’গ্ৰাফী মিছনৰ জৰিয়তে কৰা অধ্যয়নৰ পৰা এই তথ্য লাভ কৰা হৈছে যে ২০৫০ চনলৈ সাগৰৰ জলস্তৰ ইমানেই বৃদ্ধি পাব যে ভাৰতৰ মুম্বাই, নবী মুম্বাই আৰু কলকাতাৰ দৰে মহানগৰো চিৰদিনলৈ জলমগ্ন হৈ পৰিব পাৰে।
News18-Assam
Updated: October 31, 2019, 12:52 PM IST
দেশৰ ৩.৬০ কোটি জনতাই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হোৱাৰ আশংকা। আশংকা কৰা হৈছে যে ৩০ বছৰ পিছত অৰ্থাৎ ২০৫০ চনত মুম্বাই, কলকাতাসহ দেশৰ কেইবাটাও উপকূলীয় অঞ্চল বুৰ যাব নাইবা প্ৰতিবছৰে ভয়ংকৰ বানৰ সন্মুখীন হ’ব লাগিব। আমেৰিকান সংস্থা ক্লাইমেট চেন্ট্রেলৰ এক ৰিপ’ৰ্টত প্ৰকাশ পাইছে এই ভয়াৱহ তথ্য। এই ৰিপ’ৰ্ট অনুসৰি,এই শতিকাৰ মধ্যভাগলৈ গোলকীয় উষ্ণতাৰ বাবে সাগৰৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাব ইয়াৰ পৰা পৰিত্ৰাণ নাপাব ভাৰতেও।

এই ৰিপ’ৰ্ট অনুসৰি, কেৱল সাগৰৰ পাৰৰ অঞ্চল বা যিসমূহ স্থানৰ ভূ–স্তৰ তলত সেইসমূহ স্থানেই নহয়, সাগৰৰ জলপৃষ্ঠ বৃদ্ধি পালে ২০৫০ চনলৈ বিশ্বৰ ১০খন দেশৰ আবাদীৰ ওপৰত পৰিব বিৰূপ প্ৰভাৱ। দ্ৰুত নগৰীকৰণ আৰু অৰ্থনৈতিক বিকাশৰ ফলত উপকূলীয় বানৰ পৰা মুম্বাই আৰু কলকাতাৰ লোকসকলৰ সৰ্বাধিক বিপদত পৰিব পাৰে।

নাছাৰ ছাটল ৰাডাৰ টপ’গ্ৰাফী মিছনৰ জৰিয়তে কৰা অধ্যয়নৰ পৰা এই তথ্য লাভ কৰা হৈছে যে ২০৫০ চনলৈ সাগৰৰ জলস্তৰ ইমানেই বৃদ্ধি পাব যে ভাৰতৰ মুম্বাই, নবী মুম্বাই আৰু কলকাতাৰ দৰে মহানগৰো চিৰদিনলৈ জলমগ্ন হৈ পৰিব পাৰে। ২০৫০ চনলৈ মুম্বাই, কলকাতাৰ উপৰি চুৰাট, ওড়িশা, কেৰালা, তামিলনাডুলৈ আহিব পাৰে বিপদ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি