ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ বাবে দেওবাৰে দল ঘোষণাৰ পূৰ্বে স্পষ্ট হৈছে যে মহেন্দ্ৰ সিং ধোনী ইয়াৰ অংশ নহয়। ধোনীয়ে পৰৱৰ্তী দুমাহ দলৰ পৰা আঁতৰত থাকিব। এই সময়খিনিত ধোনীয়ে পেৰামিলিটেৰী ৰেজিমেণ্টত সেৱা আগবঢ়াব। খবৰ অনুসৰি, ধোনীয়ে কিছুদিন পূৰ্বে এই
সন্দৰ্ভত বিচিচিআইৰ বিষয়াক জনাইছিল।
ক্ৰিকনেক্সটৰ মতে, ধোনীয়ে বিচিচিআইৰ বিষয়াক সাক্ষাৎ কৰি কৈছিল যে তেওঁ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ যাব নোৱাৰে। ধোনীয়ে স্পষ্টকৈ কৈছিল কৈছিল যে বিশ্বকাপৰ পূৰ্বেই তেওঁ টেৰিটৰিয়েল আৰ্মীৰ পেৰাছ্যুট ৰেজিমেণ্টত সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল। সেইবাবে তেওঁ ৱেষ্ট ইণ্ডিজ ভ্ৰমণলৈ নাযায়। উল্লেখযোগ্য যে ২০১১ চনত ধোনীক সন্মানজনকভাৱে প্ৰদান কৰা হৈছিল সেনাৰ লেফটেনেণ্ট কৰ্ণেলৰ পদ।
বিশ্বকাপ শেষ হোৱাৰ পিছতে ধোনীৰ অৱসৰক লৈ চলিছিল ব্যাপক চৰ্চা। খবৰ অনুসৰি, বিচিচিআইৰ বিষয়াই ক্ৰিকনেক্সটক কয় যে ধোনীয়ে কেৱল দুমাহৰ বাবেহে বিৰতি ল’ব। অৱসৰক লৈ এতিয়াও ধোনীয়ে একো সিদ্ধান্ত লোৱা নাই আৰু বিচিচিআইক এই কথা
স্পষ্ট কৰি দিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|