মহেন্দ্ৰ সিং ধোনীয়ে কি খেল খেলে, সেই কথা হয়তু দেশৰ বহু কম লোকেহে নাজানে! সৰু ল’ৰা ছোৱালীৰ মুখতো আনকি মহেন্দ্ৰ সিং ধোনীৰ হেলিকপ্তাৰ শ্ব’টৰ কথা। কিন্তু ধোনীয়ে কি খেল খেলে সেই কথা নাজানে দেশৰ এজন মুখ্যমন্ত্ৰীয়ে। মহেন্দ্ৰ সিং ধোনীয়ে ফুটবল খেলি সমগ্ৰ দেশৰ নাম উজলাইছে বুলি মন্তব্য কৰিছে খোদ ধোনীৰ গৃহ ৰাজ্য ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে।
এখন সভাত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীজনে কয় যে, ‘ধোনীয়ে ফুটবল খেলি গোটেই বিশ্বতে ঝাৰখণ্ডৰ নাম উজলাই তুলিছে। ৰাজ্যখনৰ এই যুৱকসকলক লৈ তেওঁ অত্যন্ত গৌৰৱান্বিত’।
মুখ্যমন্ত্ৰীজনৰ এক ভাষণ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ধোনীৰ বিষয়ে নজনা মুখ্যমন্ত্ৰীজনক এতিয়া ছচিয়েল মিডিয়াত বিভিন্নজনে ট্ৰ’ল কৰাও দেখিবলৈ পোৱা গৈছে।
বিভিন্নজনে ট্ৰ’ল কৰিছে মুখ্যমন্ত্ৰীজনে ধোনীক ফুটবলাৰ বুলি মন্তব্য কৰাৰ পিছতhttps://www.facebook.com/parasnath.mahto.790/videos/161967691565000/?t=31
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|