অতি সোনকালে ক্ৰিকেটৰ পথাৰত দেখা যাব কোটি কোটি ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ নয়নৰ মণি টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীক। তেওঁ আইপিএল ২০২০ত অংশগ্ৰহণ কৰিবলৈ সাজু। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ধোনী ২ মাৰ্চত দলৰ সৈতে জৰিত হ’ব। কিন্তু ইয়াৰ পূৰ্বে ধোনীৰ এটা ভিডিও ভাইৰেল হৈছে।
ফেচবুক একাউণ্টত শ্বেয়াৰ কৰা ভিডিওত ধোনীক এক নতুন ৰূপত দেখা গৈছে। দৰাচলতে এইবাৰ খেতিত মন দিছে ধোনীয়ে। তেওঁ ইতিমধ্যে খেতিত মনোনিবেশ কৰাও দেখা গৈছে।
৩৮বছৰীয়া ধোনীয়ে এতিয়া জৈৱিক খেতি আৰম্ভ কৰিছে। গৃহনগৰ ৰাঁচীত তৰমুজ আৰু অমিতাৰ জৈৱিক খেতিৰ বিষয়ে শিকিছে ধোনীয়ে। কোৱা হৈছে যে ধোনীয়ে এতিয়া অৱসৰৰ পিছত কৰিবলগীয়া কামৰ ওপৰত গুৰুত্ব দিছে।
মহেন্দ্ৰ সিং ধোনীয়ে নিজৰ একাউণ্টত ভিডিও শ্বেয়াৰ কৰি লিখিছে, 'ৰাঁচীত ২০দিনত তৰমুজ আৰু অমিতাৰ জৈৱিক খেতি আৰম্ভ কৰিছো। প্ৰথমবাৰলৈ মই অতি উৎসুক হৈছো।'
দুই মিনিটৰ এই ভিডিওত ধোনীয়ে খেতিৰ পূৰ্বে কৰা পূজা–আৰাধনা কৰা দেখা গৈছে। ইয়াৰ পিছতে তেওঁ ধূপ জ্বলাই নাৰিকল ভাঙিছে।
উল্লেখযোগ্য যে ক্ৰিকেটৰ পৰা দূৰৈত থকাৰ কাৰণে ধোনীয়ে আইপিএলৰ প্ৰস্তুতিও আৰম্ভ কৰিছে। তেওঁ মঙলবাৰে ৰাঁচীৰ ঝাৰখণ্ড ক্ৰিকেট এছ’চিয়েশ্যন (জেএছচিএ)ৰ ষ্টেডিয়ামত কেইবাঘণ্টা অনুশীলন কৰে। আইপিএল ২০২০ৰ আৰম্ভনি চেন্নাই ছুপাৰ কিংছ আৰু বিগত বৰ্ষৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ মাজত হ’বলগীয়া ২৯মাৰ্চত মুম্বাইত হ’বলগীয়া খেলৰ সৈতে হ’ব।
Published by: Tulika Devi
FIRST PUBLISHED : February 27, 2020, 18:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।