কামৰ পৰা ঘূৰি অহা দেৰি হ’ল স্বামীৰ, খঙৰ ভমকত পত্নীয়ে স্বামীৰ মুখত ঢালি দিলে গৰম তেল

ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰ জিলাত
ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰ জিলাত
- News18 Assam
- Last Updated: January 10, 2021, 7:42 PM IST
কামৰ পৰা ঘৰলৈ উভতি অহাত দেৰি হোৱাৰ বাবেই পত্নীয়ে স্বামীৰ মুখত ঢালি দিলে গৰম তেল। ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰ জিলাত। খবৰ অনুসৰি, ৩৫ বছৰীয়া স্বামী বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে।
উল্লেখ্য যে, স্বামী-স্ত্ৰী শিৱকুমাৰী আহিৰওয়াৰ আৰু অৰিন্দম আহিৰওয়া নিতৌ লিপ্ত হয় পাৰিবাৰিক কন্দলত। অৰিন্দমে দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়ে। প্ৰায়ে কামৰ পৰা ঘূৰি আহোতে দেৰি হয় অৰিন্দমৰ। আৰু সেই কথাতেই খং উঠে পত্নীৰ। তেওঁলোকৰ কাজিয়াত সদায় অতিষ্ঠ হয় পৰিয়াল আৰু চুবুৰীয়া।
এতিয়া আৰক্ষীয়ে পত্নীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।