৩৫ বছৰীয়া এজন লোকে ভয়ংকৰ আঘাত লৈ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজিছে।
৩৫ বছৰীয়া এজন লোকে ভয়ংকৰ আঘাত লৈ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজিছে।
স্বামী–স্ত্ৰীৰ মাজত সৰু–সুৰা কাজিয়া লগাটো সাধাৰণ কথা। ভিন্ন মতক লৈ মতানৈক্য, অশান্তি, কথাৰ কটাকটিও হয়। কিন্তু তাৰ বাবে ইমান ভয়ংকৰ কাণ্ড কৰাটো ঘৃণনীয় অপৰাধ বুলি ক’লেও কম কোৱা নহয়।
এনে এক ঘটনা সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰ জিলাত। টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত খবৰ অনুসৰি, ৩৫ বছৰীয়া এজন লোকে ভয়ংকৰ আঘাত লৈ হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজিছে।
জানিব পৰা মতে, শিবকুমাৰী আহিৰৱাৰ আৰু অৰবিন্দ আহিৰৱাৰ নামৰ পতি–পত্নীৰ মাজত দৈনিক অশান্তিৰ সৃষ্টি হৈছিল। অৰবিন্দই জিন হাজিৰা কৰি সংসাৰ চলাইছিল। প্ৰায়ে তেওঁৰ কামৰ পৰা ওভতাত পলম হয়। আৰু ইয়াকে লৈ পত্নীৰ সৈতে কাজিয়া হয়। পৰিয়ালৰ সদস্যই জনাইছে, সেইদিনাও দুয়োৰে মাজত একে কথাক লৈ কাজিয়া হৈছিল। তেতিয়া পৰিয়ালৰ লোকসকলে তাত হস্তক্ষেপ কৰিছিল।
কিন্তু সোমবাৰে পৰিয়ালৰ আন সদস্যসকল শুই থকা অৱস্থাত খঙত অগ্নিশৰ্মা হৈ পত্নীয়ে সংঘটিত কৰিলে এই ভয়ংকৰ কাণ্ড। স্বামীৰ মুখত ঢালি দিলে উতলা গৰম তেল। ইয়াৰ পিছতে অৰবিন্দৰ চিৎকাৰ শুনি পৰিয়ালৰ আন সদস্যসকল দৌৰি আহে। লগে লগে তেওঁক লৈ যোৱা হয় বুন্দেলখণ্ড মেডিকেল কলেজলৈ। গুৰুতৰভাৱে আহত অৱস্থাত চিকিৎসাধীন লোকজন। ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|