
ভাগ্যৱতী মহিলাগৰাকীৰ নাম চামেলী বাই। পান্নাৰ হীৰাৰ অফিচৰ বিষয়া অনুপম সিঙে জনায়, মহিলাগৰাকীয়ে বিচাৰি পাইছিল ২.০৮ কেৰেটৰ হীৰাৰ টুকুৰাটো।
ভাগ্যৱতী মহিলাগৰাকীৰ নাম চামেলী বাই। পান্নাৰ হীৰাৰ অফিচৰ বিষয়া অনুপম সিঙে জনায়, মহিলাগৰাকীয়ে বিচাৰি পাইছিল ২.০৮ কেৰেটৰ হীৰাৰ টুকুৰাটো।
ইয়াকে কয় ভাগ্য! আগনিশালৈ গাঁৱৰ আন মহিলাৰ দৰে সাধাৰণ এগৰাকী বোৱাৰী, কিন্তু নিশাটোৰ ভিতৰতে হৈ পৰিল লাখ লাখ টকাৰ মালিক! মধ্য প্ৰদেশৰ পান্না জিলাৰ ইত্বাকাল গাঁৱৰ বাসিন্দা এগৰাকী বোৱাৰীয়ে ২.০৮ কেৰেটৰ এটুকুৰা হীৰ। এই ৰত্নটো স্থানীয় হীৰাৰ অফিচত জমা দিয়াত জনা যায়, ইয়াৰ আনুমানিক দাম প্ৰায় ১০ লাখ টকা। বিষয়াসকলে জানিবলৈ দিয়ে, শীঘ্ৰে নিলামত তোলা হ’ব এই হীৰা টুকুৰা। মহিলাগৰাকীৰ স্বামী পেছাত কৃষিজীৱী। তেওঁলোকে জনায়, নিলামত পোৱা ধনেৰে তেওঁলোকে চহৰত এটা ঘৰ কিনিব বিচাৰে।
ভাগ্যৱতী মহিলাগৰাকীৰ নাম চামেলী বাই। পান্নাৰ হীৰাৰ অফিচৰ বিষয়া অনুপম সিঙে জনায়, মহিলাগৰাকীয়ে বিচাৰি পাইছিল ২.০৮ কেৰেটৰ হীৰাৰ টুকুৰাটো।
তেওঁ আৰু জনায়, আগন্তুক সপ্তাহত এক নিলামৰ আয়োজন কৰা হৈছে। তাতেই বিক্ৰী কৰা হ’ব ২.০৮ কেৰেটৰ এই হীৰাৰ টুকুৰাটো। চৰকাৰী নিয়ম অনুসৰি হীৰাৰ দাম ধাৰ্য কৰা হ’ব। যিমান দামত বিক্ৰী হ’ব, তাৰ ভিতৰত চৰকাৰী ৰয়েল্টী আৰু অন্যান্য কৰৰ টকা কাটি বাকী টকা দিয়া হ’ব অৰবিন্দ আৰু তেওঁৰ পত্নীক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|