• Home
  • »
  • News
  • »
  • nation
  • »
  • ডাঙৰ খবৰ! ২০২১ৰ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়, কেৱল দশম-দ্বাদশ শ্ৰেণীৰ হ’ব পৰীক্ষা!

ডাঙৰ খবৰ! ২০২১ৰ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়, কেৱল দশম-দ্বাদশ শ্ৰেণীৰ হ’ব পৰীক্ষা!

প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে নহয় কোনো পৰীক্ষা

প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে নহয় কোনো পৰীক্ষা

প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে নহয় কোনো পৰীক্ষা

  • Share this:
দেশত অব্যাহত আছে কোৰোণাৰ সংহাৰ। যদিও সংক্ৰমণ কিছু হ্ৰাস পাইছে তথাপিও দেশৰ বিভিন্ন ঠাইত এতিয়াও প্ৰতিদিনে কোৰোণাত আক্ৰান্ত হৈছে বহুলোক। তাৰ মাজতে মধ্যপ্ৰদেশ চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

২০২১ৰ মাৰ্চ মাহ পৰ্যন্ত বন্ধ থাকিব বিদ্যালয়। মাৰ্চত ৩১ তাৰিখ পৰ্যন্ত প্ৰথমৰ পৰা অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান। ইফালে এইবাৰ অষ্টম শ্ৰেণীলৈকে পৰীক্ষাৰ পৰিৱৰ্তে প্ৰজেক্টৰ জৰিয়তেই উত্তীৰ্ণ-অনুতীৰ্ণ নিৰ্ণয় কৰা হ’ব। কিন্তু দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব। আনকি কোৰোণাৰ প্ৰট’কল মানি পৰীক্ষাও অনুষ্ঠিত কৰা হ’ব। শুকুৰবাৰে ৰিভিউ মিটিঙত এই কথা জনাই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

ৰাজ্যখনত দশম আৰু দ্বাদশ শ্ৰেণীৰ বোৰ্ডৰ পৰীক্ষা অনুষ্ঠিত হ’ব কোৰোণাৰ বিধি পালন কৰি। আনহাতে নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান সপ্তাহত এদিন বা দুদিন হ’ব। পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হ’ব ২০২১ৰ এপ্ৰিল মাহৰ পৰা। বৈঠকত এই কথা জানই মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published: