মুখ্যপৃষ্ঠা »খবৰ »দেশ »কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিত প্ৰমানিক বাংলাদেশী নাগৰিক হোৱাৰ অভিযোগ, প্ৰধানমন্ত্ৰীক তদন্তৰ দাবী জনালে ৰিপুণ বৰাই 

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিত প্ৰমানিক বাংলাদেশী নাগৰিক হোৱাৰ অভিযোগ, প্ৰধানমন্ত্ৰীক তদন্তৰ দাবী জনালে ৰিপুণ বৰাই 

সংবাদ মাধ্যমৰ উদ্ধৃতি প্ৰদান কৰি অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় – প্ৰমানিকৰ জন্মস্থান বাংলাদেশৰ গাইবন্ধা জিলাৰ পলাশবাৰী পুলিচ থানাৰ অন্তৰ্গত হৰিনাথপুৰ গাঁৱত।

  • Share this:
নৱনিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিশিত প্ৰমানিক বাংলাদেশী নাগৰিক বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিৰ আঁত ধৰি ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই পত্ৰ প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীলৈ। পত্ৰত তেওঁ প্রধানমন্ত্ৰীৰ হস্তক্ষেপত এক নিকা আৰু স্বচ্ছ তদন্তৰ দাবী জনালে। পত্ৰৰ আৰম্ভণিতে তেওঁ প্ৰমানিকৰ জন্মস্থান আৰু নাগৰিকত্বৰ সন্দৰ্ভত এক গুৰুতৰ আৰু সংবেদনশীল অভিযোগ উত্থাপন হোৱা বুলি উল্লেখ কৰিছে।

সংবাদ মাধ্যমৰ উদ্ধৃতি প্ৰদান কৰি অসম কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় – প্ৰমানিকৰ জন্মস্থান বাংলাদেশৰ গাইবন্ধা জিলাৰ পলাশবাৰী পুলিচ থানাৰ অন্তৰ্গত হৰিনাথপুৰ গাঁৱত। তেওঁ পশ্চিম বংগলৈ কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিবলৈ আহিছিল।

বৰাই লগতে কয় – উচ্চ শিক্ষা গ্ৰহণ কৰি তেওঁ প্ৰথমে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে আৰু তাৰ পিছত ভাৰতীয় জনতা পাৰ্টীলৈ যায়। বৰাই সংবাদ মাধ্যমত প্ৰকাশ পোৱা তেওঁৰ জন্ম গাঁৱৰ লোকসকল নিশিতৰ সাফল্যত উৎফুল্লিত হোৱা ভিডিঅ’ৰ কথাও পত্ৰত উল্লেখ কৰে। উৎফুল্লিত হোৱা এজন তেওঁৰ জ্যেষ্ঠ ভাতৃ বুলিও বাতৰিৰ উদ্ধৃতি দিয়ে।

নিৰ্বাচনী প্ৰতিশ্ৰুতিত তেওঁ নথি জালিয়াতি কৰি জন্মস্থান কোচবিহাৰ দেখুওৱা বুলিও পত্ৰত অভিযোগ উত্থাপন কৰে বৰাই। এনে পৰিপ্ৰেক্ষিতত বৰাই প্ৰধানমন্ত্ৰীক এক তদন্তৰ নির্দেশ দিবলৈ দাবী জনায়। ৩৫ বছৰীয়া প্ৰমানিক কোচবিহাৰৰ বিজেপি সাংসদ আৰু তেওঁ মোদী মন্ত্ৰী মণ্ডলৰ অন্যতম কনিষ্ঠ মন্ত্ৰী।

শেহতীয়া বাতৰি