• Home
  • »
  • News
  • »
  • nation
  • »
  • Amazon India: অনলাইনত গাঞ্জাৰ হোম ডেলিভাৰী, এমাজনৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰজু

Amazon India: অনলাইনত গাঞ্জাৰ হোম ডেলিভাৰী, এমাজনৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰজু

আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে এমাজন ইণ্ডিয়াৰ জৰিয়তে এক কোটি টকাৰ গাঁজা বিভিন্ন ক্ৰেতাক বিক্ৰী কৰা হৈছে।

আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে এমাজন ইণ্ডিয়াৰ জৰিয়তে এক কোটি টকাৰ গাঁজা বিভিন্ন ক্ৰেতাক বিক্ৰী কৰা হৈছে।

আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে এমাজন ইণ্ডিয়াৰ জৰিয়তে এক কোটি টকাৰ গাঁজা বিভিন্ন ক্ৰেতাক বিক্ৰী কৰা হৈছে।

  • Share this:

ই-কমাৰ্চৰ অন্যতম বৃহৎ কোম্পানী এমাজনৰ কাৰ্যবাহী বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে মধ্যপ্ৰদেশৰ ভিণ্ড আৰক্ষীয়ে। এমাজনে অলপতে গাঞ্জাৰ হোম ডেলিভাৰী কৰাৰ বাবে এই গোচৰ ৰুজু কৰা হৈছে। এই সম্পৰ্কে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীক অৱগত কৰাৰ পিছত আৰক্ষীয়ে গোচৰ ৰুজু কৰে।


আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোত অভিযুক্ত হিচাপে চাৰিজন ব্যক্তিৰ নাম উল্লেখ কৰিছে। ভিণ্ড আৰক্ষীয়ে জনোৱা অনুসৰি, জিলাখনৰ গোহাদ আৰক্ষী থানাত এমাজনৰ কাৰ্যবাহী সঞ্চালকসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। সকলোকে এনডিপিএছ আইনৰ অধীনত অভিযুক্ত কৰা হৈছে।


উল্লেখ্য যে ভিণ্ড আৰক্ষীয়ে কিছুদিন পূৰ্বে গাঞ্জাৰ গৃহ বিতৰণ সন্দৰ্ভত  পিন্টু ওৰফে ব্ৰজেন্দ্ৰ সিং তোমৰ, গোৱালিয়ৰৰ বাসিন্দা সুৰজ কাল্লু পাৱাইয়াক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰা প্ৰায় ২১.৭৫ কিলোগ্ৰাম গাঞ্জা জব্দ কৰে। জেৰা কৰাৰ পিছত আৰক্ষীয়ে জানিব পাৰে যে অভিযুক্তজনে গাঞ্জা অৰ্ডাৰ দিবলৈ অন্ধ্ৰপ্ৰদেশৰ পৰা এমাজনত অনলাইন বুকিং কৰিছিল।


অভিযুক্ত সুৰজ ওৰফে কাল্লু পাৱাইয়াই বাবু টেক্স নামৰ এটা কোম্পানী গঠন কৰি এমাজনত বিক্ৰেতা হিচাপে তেওঁৰ GSTIN-37AAFPE9088BIZP নম্বৰ পঞ্জীয়ন কৰিছিল। তেওঁলোকে এমাজন অনলাইনৰ জৰিয়তে বিশাখাপত্তনমৰ পৰা গাঞ্জা চোৰাংকৈ আনে। আৰক্ষীয়ে তেতিয়া গাঞ্জাৰ চোৰাং ব্যৱসায়ৰ গোচৰত মুকুল জয়ছোৱাল আৰু চিত্ৰ বাল্মীকি নামৰ দুজনক গ্ৰেপ্তাৰ কৰে।


ভিন্দ আৰক্ষীয়ে তদন্তৰ পিছত আমাজনৰ কাৰ্যবাহী সঞ্চালকসকলকো অভিযুক্ত কৰে। এতিয়া আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অভিযান চলাব। আমাজন ইণ্ডিয়াই এক বিবৃতিত কৈছে যে তেওঁলোকে আৰক্ষীৰ সৈতে সম্পূৰ্ণ সহযোগিতা কৰি আছে।


উল্লেখ্য, কোম্পানীটোৱে ইয়াৰ আগৰ বিবৃতিত কৈছিল যে আমাজন ইণ্ডিয়াই ইয়াৰ ই-কমাৰ্চ পৰ্টেলত ভাৰতত নিষিদ্ধ সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি নিদিয়ে আৰু এজন বিক্ৰেতাই কেনেদৰে এই নিয়ম ভংগ কৰিছে সেয়া তেওঁলোকে অনুসন্ধান কৰিব। 


আৰক্ষীয়ে কৈছে যে এতিয়ালৈকে এমাজন ইণ্ডিয়াৰ জৰিয়তে এক কোটি টকাৰ গাঁজা বিভিন্ন ক্ৰেতাক বিক্ৰী কৰা হৈছে।

Published by:Gautam Barman
First published: