৪২ বছৰীয়া লোকেশে দাবী কৰা মতে, যোৱা দুটা দশক তেওঁ মদ্যপান কৰি আছে আৰু তেওঁ মুখত দিয়া মাত্ৰকে কোনটো ভেজাল কোনটো প্ৰকৃত চিনাক্ত কৰিব পাৰে।
৪২ বছৰীয়া লোকেশে দাবী কৰা মতে, যোৱা দুটা দশক তেওঁ মদ্যপান কৰি আছে আৰু তেওঁ মুখত দিয়া মাত্ৰকে কোনটো ভেজাল কোনটো প্ৰকৃত চিনাক্ত কৰিব পাৰে।
মধ্য প্ৰদেশৰ উজ্জয়িনৰ এজন ৪২বছৰীয়া লোকে মদ্যপান কৰাৰ পিছত নিচা নলগাৰ কাৰণে মদৰ দোকানৰ বিৰুদ্ধে ভেজাল মদ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন কৰি আবকাৰী বিভাগত গোচৰ তৰিছে। চহৰখনৰ বাহাদুৰগঞ্জ এলেকাৰ নিবাসী লোকেশ চুঠিয়া নামৰ লোকজনে যোৱা এপ্ৰিল মাহত এখন মদৰ দোকানৰ পৰা ৪টা ১৮০ মিলিলিটাৰৰ মদৰ বটল ক্ৰয় কৰিছিল। পাৰ্কিং স্পেচ পৰিচালনাত কৰ্মৰত লোকেশে তাৰে দুটা বটল পান কৰি কোনোধৰণৰ নিচা নলগাত ক্ষোভিত হৈ পৰে আৰু কৰ্তৃপক্ষৰ কাষ চাপে।
৪২ বছৰীয়া লোকেশে দাবী কৰা মতে, যোৱা দুটা দশক তেওঁ মদ্যপান কৰি আছে আৰু তেওঁ মুখত দিয়া মাত্ৰকে কোনটো ভেজাল কোনটো প্ৰকৃত চিনাক্ত কৰিব পাৰে। ভেজাল বুলি গম পাই তেওঁ ক্ৰয় কৰা ৪টাৰ দুটা বটল পৰীক্ষণ কাৰণে ৰাখি থৈ দিছে।
ইফালে, আবকাৰী বিভাগৰ আয়ুক্ত ইন্দৰ সিং ডোমৰে জনোৱা মতে, ভুক্তভোগী ব্যক্তিজনে মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্রলৈ পত্ৰযোগে এই অভিযোগ প্ৰেৰণ কৰিছিল আৰু গৃহমন্ত্ৰীগৰাকীয়ে বিষয়টো আবকাৰী বিভাগলৈ প্ৰেৰণ কৰে। আয়ুক্তগৰাকীয়ে জনোৱা মতে, ইতিমধ্যে তদন্তৰ ঘোষণা কৰা হৈছে আৰু ভেজাল মদ বিক্ৰী কৰা বুলি প্ৰমাণিত হ’লে শাস্তি বিহা হ’ব।
ইমানতো কিন্তু শান্ত হোৱা নাই লোকেশ। তেওঁ Consumer Courtতো এজন অধিবক্তাৰ যোগেদি গোচৰ ৰুজু কৰিছে। লোকেশৰ অধিবক্তা নৰেন্দ্র সিং ঢাকৰেয়ে জনোৱা মতে, মোৰ মক্কেলজনে বহু বছৰ ধৰি মদ্যপান কৰি আছে। তেওঁ অভিজ্ঞতা পুষ্ট আৰু ভেজাল আৰু নির্ভেজালৰ মাজৰ বিভেদ উপলব্ধি কৰিব পাৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|