গাড়ী চলোৱাসকল সাৱধান! নিয়ম নামানিলে পূৰ্বতকৈ ৫ গুণ বেছি জৰিমনা

দেশত যান–বাহন আইন উলংঘাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

News18-Assam
Updated:July 24, 2019, 12:38 PM IST
গাড়ী চলোৱাসকল সাৱধান! নিয়ম নামানিলে পূৰ্বতকৈ ৫ গুণ বেছি জৰিমনা
দেশত যান–বাহন আইন উলংঘাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।
News18-Assam
Updated: July 24, 2019, 12:38 PM IST
মঙলবাৰে লোকসভাত গৃহীত হয় Motor Vehicles (Amendment) Bill 2019। ১৯৮৮ চনৰ যান–বাহন আইনৰ সংশোধনেৰে প্ৰস্তুত কৰা হৈছে এই নতুন আইন। সংসদত মৌখিক ভোটৰ ভিত্তিত অধ্যক্ষ ওম বিৰলাই গৃহীত কৰে বিধেয়কখন। এতিয়াৰে পৰা যান–বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব পূৰ্বতকৈ ৫ গুণ অধিক জৰিমনা। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত দাখিল কৰিছিল এই বিধেয়কখন। দেশত যান–বাহন আইন উলংঘাৰ বৰ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই বিধেয়কখন উত্থাপন কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

কি নীতি উলংঘা কৰিলে কিমান জৰিমনা?
>> সুৰাপান কৰি গাড়ী চলালে ১০ হাজাৰ টকা।

>> জৰুৰীকালীন সেৱাৰ গাড়ীক বাট এৰি নিদিলে ১০ হাজাৰ টকা।
>> ম’বাইলত কথা পাতি গাড়ী চলালে ৫০০০ টকা।
>> হেলমেট পৰিধান নকৰাকৈ বাইক চলালে ১০০০ টকা।
>> ৰেচ ড্ৰাইভিং কৰিলে ৫০০০ টকা।

>> লাইচেঞ্চ অবিহনে গাড়ী চলালে ৫০০০ টকা।
>> দ্ৰুতগতিত গাড়ী চলালে ৫০০০ টকা।
>> ছিট বেল্ট নলগালে ১০০০ টকা।
>> নাবালকে গাড়ী চলালে ২৫ হাজাৰ টকা, ৩ বছৰ জে’৸ল (গাড়ীৰ মালিক বা অভিভাৱক)।
>> যোগ্যতা অবিহনে গাড়ী চলালে ১০ হাজাৰ টকা।
>> গাড়ীৰ পাৰ্মিট নাথাকিলে ১০ হাজাৰ টকা।
>> অভাৰলোডিঙত ২০ হাজাৰ টকা, অতিৰিক্ত প্ৰতি টনত ২ হাজাৰ।
>> দুচকীয়া বাহনত অভাৰলোডিঙত ২০০০ টকা।
>> গাড়ীৰ বীমা নাথাকিলে ২০০০ টকা।
>> লাইচেঞ্চৰ বৈধতা শেষ হ’লে এবছৰলৈ সময়সীমা।
আৰু চাওক পৰৱৰ্তী বাতৰি