বিমানবন্দৰ পোৱাত পলম হ’ল মাতৃৰ, বিমান ৰখাবৰ বাবে পুত্ৰই কৰিলে ভয়ংকৰ কাম, দিল্লী বিমানবন্দৰত হাহাকাৰ

News18 Assam | News18-Assam
Updated:February 5, 2020, 9:54 AM IST
বিমানবন্দৰ পোৱাত পলম হ’ল মাতৃৰ, বিমান ৰখাবৰ বাবে পুত্ৰই কৰিলে ভয়ংকৰ কাম, দিল্লী বিমানবন্দৰত হাহাকাৰ
বিমানবন্দৰলৈ ফোন আহিল – উক্ত বিমানখনত ৰখা হৈছে বোমা। লগে লগে হাহাকাৰ লাগিল বিমানযাত্ৰীৰ মাজত।

বিমানবন্দৰলৈ ফোন আহিল – উক্ত বিমানখনত ৰখা হৈছে বোমা। লগে লগে হাহাকাৰ লাগিল বিমানযাত্ৰীৰ মাজত।

  • Share this:
দিল্লী বিমানবন্দৰত এটা ভুৱা ফোনকলক লৈ হাহাকাৰ। দিল্লীৰ পৰা মুম্বাই অভিমুখে ইণ্ডিগ’ এয়াৰলাইনছৰ এখন বিমানে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে লাগিল হাহাকাৰ। বিমানবন্দৰলৈ ফোন আহিল – উক্ত বিমানখনত ৰখা হৈছে বোমা। লগে লগে হাহাকাৰ লাগিল বিমানযাত্ৰীৰ মাজত। তন্ন তন্নকৈ তালাচী চলোৱা হ’ল বিমানখনত। কিন্তু কোনো সামগ্ৰীৰ উদ্ধাৰ নহ’ল তালাচীত। তদন্তৰ অন্তত পোহৰলৈ আহিল যে সেয়া এক ভুৱা কল আছিল।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল যে দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিবলগীয়া ইণ্ডিগ’ এয়াৰলাইনছৰ বিমানখনত যাত্ৰা কৰিবলগীয়া দুগৰাকী মহিলাৰ বিমানবন্দৰ পোৱাত পলম হৈছিল। সোধা–পোছাত মহিলাগৰাকীয়ে কয় যে বিমানবন্দৰ পোৱাত পলম হোৱা কথাটো মুম্বাইত থকা পুত্ৰক দিছিল। পুত্ৰই মাতৃক কৈছিল যে আপুনি নিশ্চিন্তমনে বিমানবন্দৰলৈ যাওক, বিমানখন ৰৈ থাকিব। আৰু তাৰ পিছতে বিমানবন্দৰলৈ ফোন কৰি বিমানত বোমা ৰখা বুলি কয় যুৱকজনে। আৰক্ষীয়ে তদন্ত কৰি অভিযুক্ত যুৱকজনক কৰায়ত্ত কৰিছে। সোমবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।
আৰু চাওক
পৰৱৰ্তী বাতৰি