অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালে শেষ বিদায় জনালে জম্মু–কাশ্মীৰত ছহীদ হোৱা কৰ্নেল আশুতোষ শৰ্মাক

News18 Assam | News18-Assam
Updated:May 5, 2020, 4:37 PM IST
অশ্ৰুসিক্ত নয়নেৰে পৰিয়ালে শেষ বিদায় জনালে জম্মু–কাশ্মীৰত ছহীদ হোৱা কৰ্নেল আশুতোষ শৰ্মাক
সোমবাৰে বিশেষ বিমানেৰে কৰ্নেল শৰ্মাৰ নশ্বৰ দেহ জয়পুৰলৈ অনা হৈছিল। মেজৰ অনুজ সুদৰ পাৰ্থিৱ শৰীৰো সোমবাৰেই চণ্ডীগড়লৈ অনা হৈছিল। 

সোমবাৰে বিশেষ বিমানেৰে কৰ্নেল শৰ্মাৰ নশ্বৰ দেহ জয়পুৰলৈ অনা হৈছিল। মেজৰ অনুজ সুদৰ পাৰ্থিৱ শৰীৰো সোমবাৰেই চণ্ডীগড়লৈ অনা হৈছিল। 

  • Share this:
জয়পুৰ: জম্মু–কাশ্মীৰ হাণ্ডৱাৰাত এক এনকাউণ্টাৰত ছহীদ হোৱা  কর্নেল আশুতোষ শর্মাৰ শেষৃকৃত্য আজি পুৱা সম্পন্ন হয়। জয়পুৰত তেওঁক শেষ শ্রদ্ধা জনায় তেওঁৰ পৰিয়ালবৰ্গই।

ইয়াৰ পূৰ্বে জয়পুৰৰ মিলিটাৰী ষ্টেশ্যনত শেষকৃত্যৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহত পুষ্পাঞ্জলী দি শেষ শ্রদ্ধা জনায় ৰাজস্থানৰ মুখ্যমন্ত্রী অশোক গেহলটে। শ্রদ্ধা জনায় উপ মুখ্যমন্ত্রী শচীন পাইলট, বিজেপি সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথোৰে।

স্বামীক শেষবাৰলৈ চাবলৈ আহে ছহীদ আশুতোষ শর্মাৰ স্ত্রী পল্লবী শর্মা। লগত আহে কর্নেল শর্মা আৰু পল্লবী শৰ্মাৰ ১২ বছৰীয়া দুহিতা তামান্না। কর্নেলৰ বৃদ্ধা মাতৃয়েও চলচলীয়া চকুৰে শেষ বিদায় জনায় মৰমৰ পুত্ৰক। 

২১ নম্বৰ ৰাষ্ট্রীয় ৰাইফেলের কামাণ্ডিং অফিচাৰ আছিল কর্নেল শর্মা। পূৰ্বে বীৰত্ব প্রদর্শনৰ কাৰণে দুবাৰকৈ মেডেল পাইছিল তেওঁ। বহু গুৰুত্বপূর্ণ অপাৰেশ্যন তেওঁ চম্ভালিছিল। হাণ্ডৱাৰাত পুলিচ তথা সন্ত্ৰাসবাদীৰ মাজত চলা দীর্ঘ অপাৰেশ্যনৰ সময়ত আততায়ীয়ে আশুতোষ শর্মা-সহ পাঁচজনক হত্যা কৰে। সেনা সূত্রই প্ৰকাশ কৰা মতে,পাঁচ বছৰ পিছত অপাৰেশ্যনত কোনো কামাণ্ডিং অফিচাৰৰ এইটো প্ৰথম মৃত্যুৰ ঘটনা। তেওঁৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। তেওঁ টুইটাৰত লিখে, "এই আত্মত্যাগ নাপাহৰো।" শোকৰ ছাঁ পৰিছে সমগ্ৰ দেশত।

সোমবাৰে বিশেষ বিমানেৰে কৰ্নেল শৰ্মাৰ নশ্বৰ দেহ জয়পুৰলৈ অনা হয়।  মেজৰ অনুজ সুদৰ পাৰ্থিৱ শৰীৰো সোমবাৰেই চণ্ডীগড়লৈ অনা হৈছিল।
First published: May 5, 2020, 4:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি