বৰ্তমান সামাজিক মাধ্যমত চৰ্চা লাভ কৰা মাতৃ–পুত্ৰৰ সফলতাৰ এটা কাহিনীয়ে সকলোকে আচৰিত কৰাৰ লগতে উৎসাহিত কৰিছে। কেৰালাৰ মলপ্পুৰৰ মাতৃ আৰু পুত্ৰই একেলগে পাছ কৰিলে লোকসেৱা আয়োগ (PSC)ৰ পৰীক্ষা। জানিব পৰা মতে, ৪২ বৰ্ষীয় মাতৃ বিন্দু আৰু ২৪ বৰ্ষীয় পুত্ৰ বিবেকে পি.এছ.চি পৰীক্ষাত একেলগে উত্তীৰ্ণ হৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিবেক যেতিয়া দশম শ্ৰেণীৰ ছাত্ৰ আছিল, তেতিয়াৰ পৰা সকলো মাতৃৰ দৰেই বিন্দুৱেও নিজৰ সন্তানক পঢ়িবলৈ উৎসাহিত কৰিছিল। দশমমানৰ অধ্যয়নে তেওঁলোকক কেৰালাৰ লোক সেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি কৰিবলৈ প্ৰেৰণা দিয়ে। ইয়াৰ পাছতেই দুয়ো মাতৃ–পুত্ৰই একেলগে পৰীক্ষাৰ প্ৰশিক্ষণত যোগদান কৰে।
ভাৰতৰ আগশাৰীৰ নিউজ এজেঞ্চি (সংবাদ সংস্থা) ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিন্দুৰ পুত্ৰ বিবেকে নিজৰ সফলতাৰ বিষয়ে জনায় যে তেওঁ আৰু তেওঁৰ মাতৃয়ে উক্ত পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে একেলগে প্ৰশিক্ষণত যোগদান কৰিবলৈ গৈছিল। লগতে, মাক-দেউতাকৰ বিষয়ে গৌৰৱেৰে বিবেকে কয় যে তেওঁৰ মাতৃয়ে এই পৰ্যায় পাবলৈ তেওঁক সহায় কৰাৰ লগতে দেউতাকে তেওঁলোক দুয়োকে সকলো প্ৰকাৰৰ সুবিধাৰ ব্যৱস্থা কৰি দিছিল। ইয়াৰ উপৰিও, দুয়ো একেলগে পঢ়িছিল যদিও তেওঁলোকে একেলগে যোগ্যতা অৰ্জন কৰিব পাৰিব বুলি কেতিয়াও কল্পনা কৰা নাছিল। মাতৃ বিন্দু আৰু পুত্ৰ বিবেক দুয়ো বৰ্তমান অতিকৈ সুখী।
বিন্দু এগৰাকী অংগনৱাড়ী শিক্ষকবিগত ১০ বছৰ ধৰি এগৰাকী অংগনৱাড়ী শিক্ষক হিচাপে কৰ্মৰত হৈ আছিল বিবেকৰ মাতৃ বিন্দু। মাতৃৰ পঢ়াশুনা সম্পৰ্কে বিবেকে এটা টিভি চেনেলক জানিবলৈ দিয়ে যে বিন্দুয়ে প্ৰতিদিনে পঢ়িব পৰা নাছিল যদিও সময় পালে আৰু অংগনৱাড়ীৰ কৰ্তব্যৰ পৰা আহৰি পালে পঢ়িবলৈ সক্ষম হৈছিল। তথ্য অনুসৰি, বিন্দুৱে লাষ্ট গ্ৰেড চাৰ্ভেন্ট (এলডিএছ) পৰীক্ষাত ৯২ তম স্থান লাভেৰে উত্তীৰ্ণ হৈছে। আনহাতে তেখেতৰ পুত্ৰ বিবেকে নিম্ন বিভাগৰ কেৰাণী (এলডিচি) পৰীক্ষাত ৩৮ তম স্থান দখলেৰে উত্তীৰ্ণ হৈছে।
বিন্দুয়ে জনায় যে, তেওঁ এলডিএছৰ বাবে দুবাৰ আৰু এলডিচি পৰীক্ষাৰ বাবে এবাৰ চেষ্টা কৰিছিল। এইটো তেওঁৰ চতুৰ্থ প্ৰয়াস আছিল আৰু এইবাৰ সফলতা লাভ কৰি নথৈ অনন্দিত হৈছে। মন কৰিবলগীয়া যে, প্ৰকৃততে বিন্দুৰ লক্ষ্য আইচিডিএছ চুপাৰভাইজাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ আছিল আৰু এলডিএছ পৰীক্ষাত উত্তীৰ্ণ হোৱাটো তেওঁৰ বাবে এটা 'বোনাচ'হে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|