• Home
  • »
  • News
  • »
  • nation
  • »
  • ১৪ দিনত গুজৰাটৰ পৰা পালেহি অৰুণাচল প্ৰদেশ, দুটি সন্তানৰ মাতৃয়ে চাইকেলেৰে অতিক্ৰম কৰিলে ৪০০০ কিলোমিটাৰ

১৪ দিনত গুজৰাটৰ পৰা পালেহি অৰুণাচল প্ৰদেশ, দুটি সন্তানৰ মাতৃয়ে চাইকেলেৰে অতিক্ৰম কৰিলে ৪০০০ কিলোমিটাৰ

প্ৰতীকী ছবি

প্ৰতীকী ছবি

প্ৰীতিয়ে অকলে চাইকেলেৰে ৩৯৯৫ কিলোমিটাৰ যাত্ৰা ১৩ দিন ১৯ ঘন্টা ১২ মিনিটত সম্পূৰ্ণ কৰিলে। ১৪ নৱেম্বৰৰ মাজনিশা চীনৰ সীমান্তৰ ওচৰৰ কিবিথু পালেহি। মাত্ৰ ১৪ দিনতে চাইকেলেৰে পশ্চিমৰ পৰা পূব ভাৰতলৈ অকলে যাত্ৰা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ।

  • Share this:
মানুহৰ মন যদি কিবা এটা কৰিবলৈ বদ্ধপৰিকৰ হয়, তেন্তে বয়স বা অৱস্থা কোনোটোৱেই বাধা হ'ব নোৱাৰে। এনে এক কাহিনী দুটি সন্তানৰ মাতৃ ৪৫ বছৰীয়া প্ৰীতি মাস্কেৰ। তেওঁ অকলে চাইকেল চলাই প্ৰায় ৪০০০ কিলোমিটাৰ যাত্ৰা কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। প্ৰায় ১৪ দিনত গুজৰাটৰ পৰা অৰুণাচল প্ৰদেশ পালেহি প্ৰীতি। বয়সৰ বাধাকো নেওচি প্ৰীতিয়ে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। অংগদানৰ বিষয়ে মানুহক সজাগ কৰিবলৈ প্ৰীতিয়ে এই অভিযান কৰাই নহয়, অভিলেখ সময়তো সম্পূৰ্ণ কৰিলে।

পাকিস্তানৰ নিকতৱৰ্তী ভাৰতৰ পশ্চিম সীমান্তত অৱস্থিত কোটেশ্বৰ মন্দিৰৰ পৰা ১ নৱেম্বৰৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰিছিল পুনেৰ প্ৰীতি মাস্কে। প্ৰীতি গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম হৈ পূবৰ অৰুণাচল প্ৰদেশত উপস্থিত হয়। সোমবাৰে এই তথ্য প্ৰদান কৰে প্ৰচাৰ নেতা ঘনশ্যাম ৰঘুবংশীয়ে। তেওঁ কয় যে প্ৰীতিয়ে অকলে চাইকেলেৰে ৩৯৯৫ কিলোমিটাৰ যাত্ৰা ১৩ দিন ১৯ ঘন্টা ১২ মিনিটত সম্পূৰ্ণ কৰিলে। ১৪ নৱেম্বৰৰ মাজনিশা চীনৰ সীমান্তৰ ওচৰৰ কিবিথু পালেহি। মাত্ৰ ১৪ দিনতে চাইকেলেৰে পশ্চিমৰ পৰা পূব ভাৰতলৈ অকলে যাত্ৰা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে তেওঁ। বেমাৰ আৰু হতাশাৰ সৈতে যুঁজিবলৈ ৫ বছৰ পূৰ্বে চাইকেল চলাবলৈ আৰম্ভ কৰিছিল প্ৰীতিয়ে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত দাখিল কৰা হৈছে অভিলেখ
প্ৰীতিৰ অভিলেখ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ অনাৰ বাবে তেওঁৰ অভিযানৰ সৈতে জড়িত ফটো আৰু অন্যান্য প্ৰমাণ ৱৰ্ল্ড আল্ট্ৰা চাইক্লিং এছ’চিয়েশ্যন আৰু গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ হাতত অৰ্পণ কৰা হৈছে, যিবোৰ গ্ৰহণ কৰা হৈছে। ঘনশ্যাম ৰঘুবংশীয়ে কয় যে আগন্তুক সময়ত প্ৰীতিক প্ৰমাণ পত্ৰ দিয়া হ’ব। অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত ইণ্টাৰনেট সংযোগৰ সমস্যাৰ বাবে এই তথ্য ৰাজহুৱা কৰাত পলম হৈছিল।

দলটোৱে সদায় চকু ৰাখিছিল
প্ৰীতি মাস্কেৰ চাইকেল চলোৱা অভিযানক সদায় চোৱাচিতা কৰি আহিছে। তেওঁৰ লগতে ৫ জনীয়া দলটোৱে বাহনখনত চলাচল কৰি থাকিল। অসম আৰু অৰুণাচল প্ৰদেশৰ পাহাৰীয়া আৰু দুৰ্গম পথত তেওঁ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল যদিও তেওঁ হাৰ নামানিলে। উল্লেখযোগ্য যে, এই অভিযানত তেওঁ মুঠ উচ্চতা ১৫,৬৭৯ মিটাৰ অতিক্ৰম কৰিবলগীয়া হৈছিল। প্ৰীতিয়ে কয় যে এনে পথত চাইকেল চলোৱাটো অতি প্ৰত্যাহ্বানজনক আছিল। অৰুণাচল প্ৰদেশৰ আৰোহণৰ লগতে বেয়া পথ আৰু নিৰ্মাণ কামে ইয়াক আৰু অধিক কঠিন কৰি তুলিছিল। অৰুণাচলত ৰাতি তাপমাত্ৰা ২ৰ পৰা ৩ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছিল।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি